ETV Bharat / state

ধনশিৰিত মাৰণাস্ত্ৰসহ ডিএনএলএ ৰ লিংকমেন আটক

author img

By

Published : Sep 6, 2019, 8:23 PM IST

Updated : Sep 6, 2019, 10:22 PM IST

পাহাৰীয়া জিলা কাৰ্বি আংলঙত অব্যাহত আছে সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্যকলাপ ৷ ধনশিৰিত অস্ত্ৰ- শস্ত্ৰসহ আটক ডিএনএলএৰ লিংকমেন ৷

ধনশিৰিত মাৰণাস্ত্ৰসহ ডিএনএলএ ৰ লিংকমেন আটক

ডিফু, 6 ছেপ্তেম্বৰঃ

  • বৃহস্পতিবাৰে সন্ধিয়া ডিফুৰ সমীপৱৰ্তী ধনশিৰিৰ পৰা মাৰণাস্ত্ৰ সহ এজন ডিএনএলএ ৰ লিংকমেন আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
  • গোপন সূত্ৰৰ পমখেদি ধনশিৰি আৰক্ষীয়ে ধনশিৰি এলেকাত সন্ধিয়াৰ ভাগত তালাচী চলাই থকা সময়ত এখন অট'ৰিক্সাত আহি থকা অৱস্থাত কৰায়ত্ব কৰা হয় লিংকমেনটোক ৷
  • লিংকমেনটোৰ পৰা এটা পইন্ট টু টু পিষ্টল আৰু ২৩ জাঁই সজীৱ গুলীৰ লগতে এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ৷
  • আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত লিংকমেনটো ধনশিৰি খেৰবাৰী এলেকাৰ ৰাজীৱ দাওলাগপু ৷

Intro:ধনশিৰিত অস্ত্ৰ- শস্ত্ৰ সহ ডিএনএলএ লিংকমেন আটক ৷

ডিফু, ৬ ছেপ্তেম্বৰ: - পাহাৰীয়া জিলা কাৰবি আংলঙত অব্যাহত আছে সহস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপ ৷

বৃহস্পতিবাৰে সন্ধিয়া ডিফুৰ নাতিদূৰৈৰৰ ধনশিৰিৰ পৰা অস্ত্ৰ- শস্ত্ৰসহ এজন ডিএনএলএ লিংকমেন আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি গোপন সুত্ৰৰ পমখেদি ধনশিৰি আৰক্ষীয়ে ধনশিৰি এলেকাত সন্ধিয়াৰ ভাগত নাকা তালাচী চলাই থকা অৱস্থান এখন অট'ৰিক্সাত আহি থকা অৱস্থাত কৰায়ত্ব কৰা হয় লিংকমেনটোক ৷

৷ লিংকমেনটোৰ কৱলৰ পৰা এটা '২২ পিষ্টল আৰু ২৩ জাঁই সজীৱ গুলীৰ লগতে এটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত লিংমেনটো ধনশিৰি খেৰবাৰী এলেকাৰ বিজয় দাওলাগপুৰ পুত্ৰ ৰাজীৱ দাওলাগপু (৩৫) বুলি চিনাক্ত কৰা হৈছে ৷

লগতে ধৃত ৰাজীব দাওলাগপু নৱগঠিত সংগঠনটোৰ লিংকমেন হিচাপে কাম কৰি ডিএনএলএ সংগঠনটোক বিভিন্ন খবৰ আদি যোগান ধৰে বুলি জনাইছে ৷

ছাইদুল ইছলাম, ডিফু৷
Body:*-***---Conclusion:****---*-
Last Updated : Sep 6, 2019, 10:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.