ETV Bharat / state

ডিফু জিলা আইন সেৱা প্ৰাধিকৰণৰ আদৰণীয় পদক্ষেপ

author img

By

Published : Mar 6, 2021, 8:10 PM IST

জেলৰ ভিতৰত শিক্ষকৰ ভূমিকাত ডিএলএছএ টীম । কাৰাবন্দীসকলক শিক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰে এই কাৰ্যসূচী গ্ৰহণ ডিএলএছএৰ তৰফৰ পৰা । প্ৰথম পৰ্যায়ত ১০ গৰাকী কাৰাবন্দীয়ে পাঠদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷ প্ৰতিটো পৰ্যায়ত ৭ দিনলৈ পাঠদান কাৰ্যসূচী চলিব ৷

জিলা আইন সেৱা প্ৰাধিকৰণৰ আদৰণীয় পদক্ষেপ

ডিফু, ৬ মাৰ্চ: ডিফুৰ কাৰাগাৰত কাৰাবন্দীসকলক শিক্ষিত কৰাৰ উদ্দেশ্যে জিলা আইন সেৱা প্ৰাধিকৰণে (ডিএলএছএ) এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷ ডিএলএছএৰ সচিব এজেএছ নাগিব আহমেদে কাৰাগাৰৰ ভিতৰত এগৰাকী শিক্ষকৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ কাৰাবন্দীসকলক শিক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি ডিএলএছএৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

প্ৰথম পৰ্যায়ত ১০ গৰাকী কাৰাবন্দীয়ে পাঠদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷ প্ৰতিটো পৰ্যায়ত ৭ দিনলৈ পাঠদান কাৰ্যসূচী চলিব ৷ দ্বিতীয় পৰ্যায়ত আৰু ১০ গৰাকী কাৰাবন্দীয়ে পাঠদানত যোগদান কৰিব ৷ একাংশ কাৰাবন্দীৰ মাজত কিতাপ, বহী, পেঞ্চিল, ৰবৰৰ লগতে বৰ্ণমালা পৰিসংখ্যা তালিকাও বিতৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ৰাইজে ডিএলএছএৰ এনে পদক্ষেপক গ্ৰহণ কৰি ভূয়সী প্ৰশংসা কৰিছে ।

লগতে পঢ়ক: বিধানসভা নিৰ্বাচনঃ এসপ্তাহত ৰাজ্যত জব্দ ৮৪.৪৩ লাখ নগদ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.