ETV Bharat / state

কাৰ্বি আংলঙত অনুষ্ঠিত হ’ব ৰাজ্যিক পৰ্যায়ৰ ৱেবিনাৰ - District Legal Services Authority

20 আগষ্টত কাৰ্বি আংলঙত অনলাইনযোগে অনুষ্ঠিত হ’ব ৰাজ্যিক পৰ্যায়ৰ ৱেবিনাৰ (State Level Webinar) ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজন কৰা হৈছে এই কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানৰ ৷

state-level-webinar
ৰাজ্যিক পৰ্যায়ৰ ৱেবিনাৰ
author img

By

Published : Aug 11, 2021, 12:01 PM IST

ডিফু, 11 আগষ্ট : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতিকূলতাৰ পৰিপ্ৰেক্ষিতত কেৰিয়াৰ সম্পৰ্কীয় তথ্য আহৰণত সমস্যাৰ সন্মূখীন হোৱাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক : চালকৰ বাবে বছৰজোৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

কাৰ্বি আংলং জিলা ন্যায় সেৱা প্ৰাধিকৰণ (District Legal Services Authority)ৰ উদ্যোগত 20 আগষ্টত অনলাইনযোগে অনুষ্ঠিত হ’ব ৰাজ্যিক পৰ্যায়ৰ ৱেবিনাৰ (State Level Webinar)খন ৷ ছাত্ৰ-ছাত্ৰীসকলৰ কেৰিয়াৰ বিশেষজ্ঞ মেঘনা কৌশিকে উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়াব ৷

লগতে পঢ়ক : জাত জাত উৰুলিৰে বিয়া পাতিলে কাকীবাসীয়ে

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে দশম শ্ৰেণীৰ পৰা স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰসকলক জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ সৈতে 8638435505 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

লগতে পঢ়ক : নামমাত্ৰ পথ মেৰামতিৰে চৰকাৰী ধন আত্মসাতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.