ডিফু,4 মাৰ্চ: জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষ চমুকৈ ডিএলএছএ-য়ে ডিফু চহৰৰ লগতে সমগ্ৰ জিলাখনত এক জন সচেতনতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে ৷
![dlsa distribute leaflets to common people for free legal aids](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu432021dlsadistributeleafletstocommonpeopleforfreelegalaids_04032021065203_0403f_1614820923_150.jpg)
এই জন সচেতনতামূলক কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে চহৰখনৰ বাছ আস্থান আৰু দৈনিক বজাৰত ডিএলএছএ য়ে 'আইন সকলোৰে বাবে' শীৰ্ষক সজাগতা প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে ৷ এই প্ৰচাৰ পত্ৰিকা বিতৰণৰ জৰিয়তে সাধাৰণ ৰাইজৰ বাবে ডিএলএছএ-ৰ বিনামূলীয়া আইনী সাহায্য আৰু ইয়াৰ অন্যান্য সুবিধা সন্দৰ্ভত অৱগত কৰা হয় ৷
![dlsa distribute leaflets to common people for free legal aids](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10862477_368_10862477_1614828842703.png)
লগতে পঢ়ক: ডিফু ৰেল ষ্টেচনত অচিনাক্ত মৃতদেহ উদ্ধাৰ