ETV Bharat / state

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত স্মৃতি দিৱসৰ কাৰ্যসূচী - দেওপানী শাখা সাহিত্য সভাই আয়োজন কৰি আহিছে অসম ভিত্তিত চুটি গল্প প্ৰতিযোগিতাৰ

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ ১৯৮৯ চনৰ বাৰ্ষিক অধিৱেশনৰ কামত ব্যস্ত হৈ থকাৰ সময়তে এক দুৰ্ঘটনাত অতুল বৰা, দুলেশ্বৰ গগৈ আৰু গোলাগ শইকীয়াই অকালতে প্ৰাণ হেৰুৱাইছিল । তিনিগৰাকী ব্যক্তিৰ স্মৃতি ৰক্ষাৰ বাবে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত দেওপানী শাখা সাহিত্য সভাই আয়োজন কৰি আহিছে অসম ভিত্তিত চুটি গল্প প্ৰতিযোগিতাৰ ৷

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত স্মৃতি দিৱসৰ কাৰ্যসূচী

author img

By

Published : Jan 29, 2021, 8:52 PM IST

ডিফু , ২৯ জানুৱাৰী : কাৰ্বি আংলং জিলা সাহিত্য সভাৰ ১৯৮৯ চনৰ বাৰ্ষিক অধিৱেশনৰ কামত ব্যস্ত হৈ থকাৰ সময়তে এক দুৰ্ঘটনাত অতুল বৰা,দুলেশ্বৰ গগৈ আৰু গোলাগ শইকীয়াই অকালতে প্ৰাণ হেৰুৱাইছিল । নিজৰ ভাষা সাহিত্যৰ প্ৰতি থকা অগাধ ভালপোৱা এই তিনিগৰাকী ব্যক্তিৰ স্মৃতি ৰক্ষাৰ বাবে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত দেওপানী শাখা সাহিত্য সভাই আয়োজন কৰি আহিছে অসম ভিত্তিত চুটি গল্প প্ৰতিযোগিতাৰ ৷ এইবছৰো গল্প প্ৰতিযোগিতাৰ লগতে সভাই বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে স্মৃতি দিৱসৰ ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰা হয় ।

কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত স্মৃতি দিৱসৰ কাৰ্যসূচী
কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত স্মৃতি দিৱসৰ কাৰ্যসূচী

স্মৃতি দিৱসৰ মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ কৰবী ডেকা হাজৰিকাই কয় যে সকলোৱে নিজৰ ভাষা-সাহিত্য জীয়াই ৰাখিব লাগিব ৷ সেয়ে তেওঁ মাতৃ সকলক শিশুক নিচুকণি গীত,আইনাম,ধাইনাম গোৱাই শুৱাবলৈ আহৱান জনাই ৷ জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিগদুঙৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ভাষণ দি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মাই ভাষা-সাহিত্যৰ সেৱা কৰিবলৈ গৈ মৃত্যু তিনিগৰাকী যুৱকৰ স্মৃতিত এইদৰে অনুষ্ঠানৰ আয়োজন কৰা কাৰ্যৰ শলাগ লয় ।

বিশিষ্ট অতিথিৰ আসনৰ পৰা বোকাজানৰ বিধায়ক ডা০ নোমল মমিনে অসমীয়া মাধ্যমত সকলোৱে নিজৰ নিজৰ সন্তানক পঢ়ুৱালেহে ভাষা-সাহিত্য ৰক্ষা পৰিব বুলি মন্তব্য় কৰে ৷ জিলা সাহিত্য সভাৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা আৰু শাখাৰ সম্পাদক পংকজ মহন্তই আতঁ ধৰা অনুষ্ঠানত দেওপানী পৰিষদৰ সদস্য মুকুত মহন্ত উপস্থিত থাকে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য কন্দৰ্প কুমাৰ ডেকা,লেখক-সাংবাদিক সঞ্জু বৰা, কবি তথা লেখক ভৱপ্ৰসাদ দেউৰীসহ কেইবাগৰাকী বিশিষ্ট উপস্থিত থাকে এই অনুস্থানত । ইফালে ভাষা জননীৰ সেৱা কৰিবলৈ গৈ অকালতে প্ৰাণ হেৰুৱা অতুল বৰা , দুলেশ্বৰ গগৈ আৰু গোলাপ শইকীয়াৰ স্মৃতিত দেওপানী ৰাজহুৱা ৰঙ্গমঞ্চত এখন তোৰণ নিৰ্মাণ কৰে ধনশিৰি ভেলী ৱেলফেয়াৰ ছচাইটিয়ে ৷

লগতে পঢ়ক :ৰহাৰ চাপৰমুখত প্ৰায় দুকুৰি পুৰুষ-মহিলাৰ সমুহীয়া বিবাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.