ETV Bharat / state

Diphu Youth Festival: ডিফুত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱ মহোৎসৱ - Youth Festival in Diphu

ডিফুত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা ভিত্তিক যুৱ মহোৎসৱ (Youth Festival in Diphu) । গ্ৰামাঞ্চলৰ পৰাহে যুৱ প্ৰতিভা ওলাই আহে- সাংসদ হৰেণছিং বে ।

Diphu
Diphu
author img

By

Published : Oct 20, 2022, 1:49 PM IST

Updated : Oct 20, 2022, 2:21 PM IST

ডিফু, ২০ অক্টোবৰ : ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ (Youth Affairs and Sports Ministry) অন্তৰ্গত কাৰ্বি আংলং নেহৰু যুৱ কেন্দ্ৰ, ডিফুৰ (Nehru Yuva Kendra Diphu) উদ্যোগত আৰু কাৰ্বি আংলং পৰ্বতাৰোহী সন্থাৰ সহযোগত বুধবাৰে ডিফুৰ ৰাংছিনা ছাৰপ' কালচাৰেল হলত অনুষ্ঠিত হয় জিলা ভিত্তিক যুৱ মহোৎসৱ (Youth Festival in Diphu) ৷

Diphu Youth Festival: ডিফুত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱ মহোৎসৱ

পুৱাৰ ভাগত যুৱক-যুৱতীসকলৰ মাজত ছয়টা শাখাৰ বিভিন্ন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে । এই সন্দৰ্ভত কাৰ্বি আংলং নেহৰু যুৱ কেন্দ্ৰৰ উপ-সঞ্চালক পি চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত কয়, ভাৰত চৰকাৰে প্ৰতিখন জিলাৰ যুৱক-যুৱতীসকলৰ প্ৰতিভা বিকাশৰ সন্ধানৰ বাবে জিলা ভিত্তিক যুৱ উৎসৱৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে ।

প্ৰতিখন জিলাত দক্ষ বিচাৰকসকলৰ পৰ্যবেক্ষণত যুৱক-যুৱতীসকলৰ মাজত বিভিন্ন প্ৰাইজমানী প্ৰতিযোগিতা অনুষ্ঠিত কৰি জিলা পৰ্যায়ৰ পৰা ক্ৰমে ৰাজ্যিক পৰ্যায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰতিযোগী নিৰ্বাচিত কৰি যুৱক-যুৱতীসকলৰ মানসিক উৎকৰ্ষ বিকাশৰ চেষ্টা কৰা হৈছে ৷ আনহাতে, এভাৰেষ্ট বিজয়ী খৰছিং তেৰাঙৰ পৰিচালনাত ডিফু ৰাংছিনা ছাৰপ' কালচাৰেল হলত অনুষ্ঠিত যুৱ উৎসৱত জিলাখনৰ যুৱক-যুৱতীসকলে 'ঐতিহ্য আৰু পৰাম্পৰাক লৈ গৌৰৱ কৰোঁ আহক' থীম হিচাপে লৈ ১৫ বছৰৰ পৰা ২৯ বছৰলৈকে যুৱ লেখক প্ৰতিযোগিতা, যুৱ শিল্প প্ৰতিযোগিতা (পেইণ্টিং), ফটোগ্ৰাফী, বক্তৃতা প্ৰতিযোগিতা আৰু জিলা যুৱ অধিবেশন অনুষ্ঠিত কৰা হয় ৷

এই উপলক্ষে অনুষ্ঠিত মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংসদ হৰেণছিং বে (MP Harensing Be), বিশিষ্ট অতিথি নৱনিযুক্ত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ক্ৰমে মধুমিতা ভাগৱতী আৰু সঞ্জীৱ কুমাৰ শইকীয়া, স্থানীয় বিধায়ক বিদ্যাছিং ইংলেং, এমএচি ফেনপিগা ৰেংমা, কাৰ্বি আংলং নেহৰু যুৱ কেন্দ্ৰৰ একাউণ্ট এণ্ড প্ৰ'গ্ৰাম ছুপাৰভাইজাৰ অমৰ চন্দ্ৰ চৌহান আৰু অৱসৰপ্ৰাপ্ত একাউণ্ট এণ্ড প্ৰ'গ্ৰাম ছুপাৰভাইজাৰ পুতুল সিনহা ।

নিজৰ ভাষণ প্ৰসংগত সাংসদ হৰেণছিং বেয়ে কয় যে হিমা দাসৰ দৰে যুৱ প্ৰতিভাসমূহ গাঁৱৰ পৰাই ওলাই আহিছে । স্বাধীনতাৰ অমৃত কালত জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যুৱচামক আকৰ্ষিত কৰিব পৰা বিভিন্ন স্বনিৰ্ভৰশীল আঁচনিৰে যুৱক-যুৱতীসকলৰ উন্নয়নৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে । বিধায়ক বিদ্যাছিং ইংলেঙে ভাষণ প্ৰসংগত যুৱ প্ৰজন্মক উদ্দেশ্যি কয়, যুৱক-যুৱতীসকলৰ মানসিক আৰু শৈক্ষিক বিকাশৰ প্ৰধান আৰু মুখ্য বস্তুটোৱেই হৈছে স্বাস্থ্য । স্বাস্থ্য হৈছে পৰম ধন ।

উপায়ুক্ত মধুমিতা ভাগৱতীয়ে ভাষণ প্ৰদান কৰি নেহৰু যুৱ কেন্দ্ৰৰ জৰিয়তে যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উলিয়াই অনাটোৱেই নেহৰু যুৱ কেন্দ্ৰৰ উদ্দেশ্য বুলি মন্তব্য কৰে । নৱপ্ৰজন্মক আগবঢ়াই নিয়াৰ বাবে কাৰ্বি আংলং নেহৰু যুৱ কেন্দ্ৰৰ শলাগ লয় নৱনিযুক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই । জিলাখনৰ যুৱক-যুৱতীসকলৰ বিকাশৰ বাবে আৰক্ষী অধীক্ষক হিচাপে সকলো সহায়-সহযোগিতা আগবঢ়োৱা হ'ব বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ।

লগতে পঢ়ক :Science stream in Tingkhang College: বিজ্ঞান শাখা অন্তৰ্ভুক্তিৰ্ভু ত টিংখাং কলেজত আনন্দৰ জোৱাৰ

Last Updated : Oct 20, 2022, 2:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.