ETV Bharat / state

ডিফুত গাওঁৰক্ষী বাহিনীৰ উদ্যোগত মাস্ক, ছেনিটাইজাৰ বিতৰণ

প্ৰশাসনে পূজা মণ্ডপ সমূহৰ বাবে বান্ধি দিয়া চৰ্ত সমূহৰ প্ৰতি লক্ষ্য ৰাখি গাওঁৰক্ষী বাহিনীৰ ডিফু থানাৰ উপদেষ্টা মণ্ডলী সমিতিৰ উপদেষ্টা কুমচিং টেৰণৰ উদ্যোগত আৰু গাওঁৰক্ষী বাহিনীৰ ডিফু থানাৰ উপদেষ্টা মণ্ডলীৰ সহযোগত ডিফুৰ দুৰ্গা পূজাৰ মণ্ডপ সমূহত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয় ৷

author img

By

Published : Oct 24, 2020, 9:07 PM IST

diphu-mask-distribution
ডিফুত গাওঁৰক্ষী বাহিনীৰ উদ্যোগত মাস্ক, ছেনিটাইজাৰ বিতৰণ

ডিফু, ২৪ অক্টোবৰ: কৰ'ণা মহামাৰীৰ মাজতে আৰম্ভ হোৱা পৱিত্ৰ দুৰ্গা পূজাত এইবাৰ ডিফু গাওঁৰক্ষী বাহিনীয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ প্ৰশাসনে পূজা মণ্ডপ সমূহৰ বাবে বান্ধি দিয়া চৰ্ত সমূহৰ প্ৰতি লক্ষ্য ৰাখি গাওঁৰক্ষী বাহিনীৰ ডিফু থানাৰ উপদেষ্টা মণ্ডলীৰ উপদেষ্টা কুমচিং টেৰণৰ উদ্যোগত আৰু গাওঁৰক্ষী বাহিনীৰ ডিফু থানাৰ উপদেষ্টা মণ্ডলী সমিতিৰ সহযোগত পূজা ডিফুৰ দুৰ্গা পূজাৰ মণ্ডপ সমূহত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয় ৷

শনিবাৰে পুৱাৰ ভাগত ডিফু হৰিলাল বস্তিত থকা শ্ৰীশ্ৰী কালী মন্দিৰ দুৰ্গা পূজা মণ্ডপত গাওঁৰক্ষী বাহিনীয়ে ভক্তগণৰ মাজত মাস্ক আৰু ছেনিটাইজ সমূহ বিতৰণ কৰে ৷

উক্ত বিতৰণ কাৰ্যসূচীত গাওঁৰক্ষী বাহিনীৰ ডিফু থানা উপদেষ্টা মণ্ডলী কমিটিৰ উপদেষ্টা কুমচিং টেৰণ, সভাপতি হেমাৰী তিমুঙ, উপ-সভাপতি আব্দুল মতিন তালুকদাৰ, হৰিলাল বস্তি গাওঁৰক্ষী বাহিনীৰ সম্পাদক তাজেল হক বৰলষ্কৰ উপস্থিত থাকে ৷ ইয়াৰ পিছত ক্ৰমান্বয়ে শীতলাবাড়ী দূৰ্গা মণ্ডপ, বাৰোৱাৰী দুৰ্গা মন্দিৰ, ৰেলৱে দুৰ্গা মন্দিৰ আৰু বাঘমাৰী দুৰ্গা মণ্ডপতো তদ্ৰুপ কাৰ্যসূচী গ্ৰহণ কৰে গাওঁৰক্ষী বাহিনীয়ে ৷
লগতে পঢ়ক: ক’ভিডে স্থগিত কৰিলে শিৱসাগৰৰ দেৱী দ'লৰ ঐতিহাসিক পৰম্পৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.