ETV Bharat / state

ডিফুত টিনপাত বিতৰণ কাৰ্যসূচী সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ

বুধবাৰে ডিফুত অনুষ্ঠিত বিনামুলীয়া টিনপাত বিতৰণ কাৰ্যসূচীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত মোতায়েন কৰা হয় চিআৰপিএফ আৰু আৰক্ষীৰ লোক ৷ এই ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় এগৰাকী বয়সস্থ মহিলা ৷

author img

By

Published : Mar 12, 2020, 3:11 AM IST

উত্তপ্ত পৰিস্থিতি
উত্তপ্ত পৰিস্থিতি

ডিফু, 11 মাৰ্চঃ বুধবাৰে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত অনুষ্ঠিত বিনামুলীয়া টিনপাত বিতৰণ কাৰ্যসূচীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ অভিযোগ অনুসৰি টিনপাত বিতৰণস্থলীত কোনো সুব্যৱস্থা নথকাত দূৰৰ পৰা অহা হিতাধিকাৰীসকলে ভোকে-পিয়াহে গোটেই দিন ৰৈ থকাৰ পিচতো টিনপাতৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাত উত্তেজিত হৈ পৰে ৰাইজ ৷ ইয়াৰোপৰি একাংশ হিতাধিকাৰীৰ নথি পত্ৰসমূহ ফালি তলত পেলাই দিয়া অৱস্থাত উদ্ধাৰ কৰে বুলিও অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে ৷ এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত মোতায়েন কৰা হয় চিআৰপিএফ আৰু আৰক্ষীৰ লোক ৷ আৰক্ষীৰ লোকে এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱাত অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷

ডিফুত টিনপাত বিতৰণ কাৰ্যসূচী সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ

উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে মৃদু লাঠীচালনাও কৰে ৷ এই উত্তেজিত পৰিৱেশত কাৰেং ইংহিপী (৬০) নামৰ এগৰাকী 60 বছৰ উৰ্দ্ধৰ মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ যাৰ ফলত জনতা অধিক উত্তেজিত হৈ শিলগুটি আৰু ইটাৰ টুকুৰা নিক্ষেপ কৰে ৷ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ বাবে আৰক্ষীয়ে শূন্যলৈ কেইবা জাঁই গুলী নিক্ষেপ কৰে ৷ এই ঘটনাৰ ফলত এখন মাৰুতি গাড়ীকে ধৰি বহু সামগ্ৰীৰ ক্ষতিসাধন হয় ৷ আঘাতপ্ৰাপ্ত মহিলা গৰাকীক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ডিফু চিকিৎসালয়ত ৷

লগতে পঢ়কঃ ৰাজীৱ গান্ধী হত্যাকাণ্ড : নলিনীৰ মুক্তিৰ আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.