ETV Bharat / state

Preparations for Lachit Divas : ডিমা হাছাওত তিনি দিনীয়া কাৰ্যসূচীৰে উদযাপন হ’ব লাচিত দিৱস - লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি

24 নৱেম্বৰ, জাতীয় বীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্মজয়ন্তী ৷ জাতীয় বীৰগৰাকীৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ডিমা হাছাও জিলা আৰক্ষীয়েও তিনি দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিব লাচিত দিৱস (Lachit Divas 2022 will be held at Dima Hasao) ৷ সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনলজ্যোতি দাসে ।

Preparations for Lachit Divas
ডিমা হাছাওত তিনি দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব লাচিত দিৱস
author img

By

Published : Nov 17, 2022, 5:16 PM IST

হাফলং, 17 নৱেম্বৰ : সমাগত বীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্মজয়ন্তী (400th birth anniversary of Lachit Borphukan) ৷ জাতীয় বীৰ লাচিত বৰফুকনক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও হাতত লোৱা হৈছে বহু কাৰ্যপন্থা ৷ আনকি সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীয়ে উদযাপন কৰিব বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী ৷

জাতীয় বীৰগৰাকীক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে ডিমা হাছাও আৰক্ষীয়েও ইতিমধ্যে লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে (Lachit Divas 2022 will be held at Dima Hasao) ৷ তথ্য অনুসৰি, ডিমা হাছাও জিলাত অসম আৰক্ষীয়ে 18 নৱেম্বৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিব লাচিত দিৱস ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনলজ্যোতি দাসে ।

ডিমা হাছাওত তিনি দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব লাচিত দিৱস

লগতে পঢ়ক : Preparations for Lachit Divas: লখিমপুৰৰ ত্যাগ ক্ষেত্রত লাচিত দিৱসৰ প্ৰস্তুতি তুংগত

বৃহস্পতিবাৰে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক অনলজ্যোতি দাসে কয়, 18 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈ ডিমা হাছাও জিলাত উদযাপন কৰিব লাচিত দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি 18 নৱেম্বৰত হাফলং চহৰত ডিমা হাছাও আৰক্ষী, পঞ্চম অসম আৰক্ষী, বেটেলিয়ান অসম ৰাইফলছ গৃহৰক্ষী বাহিনী, এপিআৰও এনচিচি বয়েজ গাৰ্লছ আৰু স্কাউট গাইড বয়েজ আৰু গাৰ্লছে মাৰ্চপাষ্ট বাহিৰ কৰিব ৷

এই মাৰ্চপাষ্ট পুৱা 8 বজাত হাফলং টেক্সি ষ্টেণ্ডৰ পৰা আৰম্ভ হৈ সমগ্ৰ চহৰ পৰিক্ৰমা কৰি উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদ চৌহদত অন্ত পৰিব । 19 নৱেম্বৰত হাফলং চৰকাৰী উচ্চতৰ বালিকা বিদ্যালয়ত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হ’ব আৰ্ট আৰু ৰচনা প্ৰতিযোগিতা ।

20 নৱেম্বৰত স্বচ্ছতাৰ অভিযান, বৃক্ষ ৰোপন আৰু হাফলং থানা চৌহদত ৰক্তদান শিবিৰ অনুষ্ঠিত হ’ব । ইয়াৰ উপৰিও জিলাখনৰ বিভিন্ন থানাত স্বচ্ছতাৰ অভিযান আৰু ৰক্তদান শিবিৰ অনুষ্ঠিত হ’ব ৷ সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনলজ্যোতি দাসে ।

লগতে পঢ়ক : Theme Song of Lachit Divas: লাচিত দিৱসৰ থিম ছং মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.