ETV Bharat / state

ডিলাইত ৫০ লক্ষ্যাধিক টকাৰ কৰ বিহীন বাৰ্মিজ সামগ্ৰী জব্দ - ডিলাইত ৫০ লক্ষাধিক টকা মূল্যৰ বাৰ্মিজ সামগ্ৰী জব্দ

ডিলাইত ৫০ লক্ষাধিক টকা মূল্যৰ বাৰ্মিজ সামগ্ৰী জব্দ: নগালেণ্ডৰ ডিমাপুৰৰ পৰা নিয়ন্ত্ৰণ হয় বৃহৎ কৰ ফাঁকিৰ এই অবৈধ ব্যৱসায়

ডিলাইত ৫০ লক্ষ্যাধিক টকাৰ কৰ বিহীন বাৰ্মিজ সামগ্ৰী জব্দ
author img

By

Published : Aug 21, 2019, 11:40 PM IST

বোকাজান, ২১ আগষ্টঃ‍- অসম-নগালেণ্ড সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীয়ে মঙ্গলবাৰে জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ সামগ্ৰী । ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ পৰা গুৱাহাটীৰ বেলতলা অভিমুখী তিনিখন ট্ৰাক আৰু এখন টাটা ডি আই গাড়ীত ম্যানমাৰৰ পৰা মণিপুৰ-নগালেণ্ড হৈ অহা কৰবিহীন সামগ্ৰীসমূহ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । ডিলাই আৰক্ষীয়ে জব্দ কৰা এমএন-০৪-এ-৭৯৪৫, এনএল-০২-কিউ-২৯৪৮, এনএল-০১-এল-০২৮৭ নম্বৰৰ তিনিখন ট্ৰাক আৰু এএছ-১৫-চি-৬৪৬৬ নম্বৰৰ এখন ডি আই গাড়ীত ম্যানমাৰৰ পৰা অহা কৰবিহীন অবৈধ সামগ্ৰীসমূহৰ ভিতৰত বৃহৎ পৰিমাণৰ চিগাৰেট, কাপোৰকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী আছে বুলি জানিবলৈ দিয়ে। প্ৰায় ৫০ লক্ষাধিক টকা মূল্যৰ কৰবিহীন এই অবৈধ সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ লগতে গাড়ীকেইখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ডিলাই থানাত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

ডিলাইত ৫০ লক্ষ্যাধিক টকাৰ কৰ বিহীন বাৰ্মিজ সামগ্ৰী জব্দ

উল্লেখ্য যে, বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰে ম্যানমাৰৰ পৰা প্ৰথমে নগালেণ্ডৰ ডিমাপুৰলৈ অনা এই ম্যানমাৰৰ সামগ্ৰীসমূহ পাছত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় বুলি দীৰ্ঘদিনীয়া এক অভিযোগ আছে । নগালেণ্ডৰ ডিমাপুৰৰ পৰা ম্যানমাৰৰ এই সামগ্ৰীসমূহ ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ট্ৰাকটো বাদেই যাত্ৰীবাহী নৈশ বাছসমূহেও অধিক ভাড়া লাভৰ স্বাৰ্থত যাত্ৰীৰ সলনি এনে সামগ্ৰীসমূহ সৰবৰাহ কৰি আহিছে আৰু বিগত জুন মাহত খটখটি আৰক্ষীয়ে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া তালাচীত ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখী তিনিখন নৈশ বাছৰ পৰা উদ্ধাৰ হোৱা কেইবা লক্ষাধিক টকা মূল্যৰ বাৰ্মিজ সামগ্ৰীয়ে তাকেই প্ৰমাণ কৰে ।

Intro:* ডিলাইত ৫০ লক্ষাধিক টকা মূল্যৰ বাৰ্মিজ সামগ্ৰী উদ্ধাৰঃ নগালেণ্ডৰ ডিমাপুৰৰ পৰা নিয়ন্ত্ৰণ হয় বৃহৎ কৰ ফাঁকিৰ এই অবৈধ ব্যৱসায়*

বোকাজান, ২১ আগষ্টঃ‍- নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে "এক দেশ এক কৰ" শ্ল'গানেৰে দেশত জি এছ টি প্ৰযোজ্য কৰাৰ পাছতো বৰ্তমানো বন্ধ কৰিব পৰা নাই কৰবিহীনভাৱে সৰবৰাহ হৈ থকা অবৈধ বিদেশী সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়। বিশেষকৈ ম্যানমাৰৰ পৰা মণিপুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তইদি নগালেণ্ড হৈ অহা এনে কৰবিহীন সামগ্ৰীৰে এতিয়া ভৰি পৰিছে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ বজাৰ। তাৰেই সত্যতা প্ৰমাণ কৰিলে অসম-নগালেণ্ড সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীয়ে মঙ্গলবাৰে উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ সামগ্ৰীয়ে। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ পৰা গুৱাহাটীৰ বেলতলা অভিমুখী তিনিখন ট্ৰাক আৰু এখন টাটা ডি আই গাড়ীত ম্যানমাৰৰ পৰা মণিপুৰ-নগালেণ্ড হৈ অহা কৰবিহীন সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ডিলাই আৰক্ষীয়ে জব্দ কৰা এমএন-০৪-এ-৭৯৪৫, এনএল-০২-কিউ-২৯৪৮, এনএল-০১-এল-০২৮৭ নম্বৰৰ তিনিখন ট্ৰাক আৰু এএছ-১৫-চি-৬৪৬৬ নম্বৰৰ এখন ডি আই গাড়ীত ম্যানমাৰৰ পৰা অহা কৰবিহীন অবৈধ সামগ্ৰীসমূহৰ ভিতৰত বৃহৎ পৰিমাণৰ চিগাৰেট, কাপোৰকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী আছে বুলি জানিবলৈ দিয়ে। প্ৰায় ৫০ লক্ষাধিক টকা মূল্যৰ কৰবিহীন এই অবৈধ সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ লগতে গাড়ীকেইখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ডিলাই থানাত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷ উল্লেখ্য যে, বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰে ম্যানমাৰৰ পৰা প্ৰথমে নগালেণ্ডৰ ডিমাপুৰলৈ অনা এই ম্যানমাৰৰ সামগ্ৰীসমূহ পাছত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় বুলি দীৰ্ঘদিনীয়া এক অভিযোগ আছে। লক্ষণীয় কথা হল যে এই ম্যানমাৰৰ সামগ্ৰীসমূহত প্ৰস্তুতকৰণৰ তাৰিখ, মূল্য আৰু কত প্ৰস্তুত কৰা হৈছে তাৰ কোনো সবিশেষ উল্লেখ নাথাকে। বিভিন্ন প্ৰসাধন সামগ্ৰী, কাপোৰ, চিগাৰেট, বিস্কুট, জোতা-চেণ্ডল, ইলেকট্ৰনিক সামগ্ৰীৰ ব্ৰেণ্ডেড কোম্পানীসমূহৰ দৰেই এই ম্যানমাৰৰ সামগ্ৰী সমূহো প্ৰস্তুত কৰা হয়। যিটো কথা সাধাৰণ গ্ৰাহকে সহজে ধৰা পেলাব নোৱাৰে। তাৰেই সুবিধা গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে ম্যানমাৰৰ পৰা অনা এই সামগ্ৰীসমূহ কম ঘৰত ক্ৰয় কৰি অসমলৈ আনি সামগ্ৰীসমূহৰ ওপৰত প্ৰস্তুতকৰণৰ তাৰিখ, মূল্য তথা ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰস্তুত কৰা বুলি নকল ষ্টিকাৰ লগাই ব্ৰেণ্ডেড কোম্পানীৰ সামগ্ৰীসমূহৰ দৰে একেই দৰত বিক্ৰী কৰি বৃহৎ পৰিমাণৰ মুনাফা লুটি আহিছে অসাধু ব্যৱসায়ীয়ে। উল্লেখ্য যে নগালেণ্ডৰ ডিমাপুৰৰ পৰা ম্যানমাৰৰ এই সামগ্ৰীসমূহ ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ট্ৰাকটো বাদেই যাত্ৰীবাহী নৈশ বাছসমূহেও অধিক ভাড়া লাভৰ স্বাৰ্থত যাত্ৰীৰ সলনি এনে সামগ্ৰীসমূহ সৰবৰাহ কৰি আহিছে আৰু বিগত জুন মাহত খটখটি আৰক্ষীয়ে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া তালাচীত ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখী তিনিখন নৈশ বাছৰ পৰা উদ্ধাৰ কৰা কেইবা লক্ষাধিক টকা মূল্যৰ বাৰ্মিজ সামগ্ৰীয়ে তাকেই প্ৰমাণ কৰে।

ছাইদুল ইছলাম, ডিফু Body:***********Conclusion:**************

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.