ETV Bharat / state

ডিলাইত জব্দ ১ কোটি ৫০ লাখ টকা মূল্যৰ বাৰ্মিজ চুপাৰি

কাৰ্বি আংলঙৰ ডিলাইত ১ কোটি ৫০ লাখ টকা মূল্যৰ বাৰ্মিজ চুপাৰি উদ্ধাৰ ৷ দুখন ট্ৰাকসহ চালক-হেণ্ডিমেন আটক কৰে ডিলাই আৰক্ষীয়ে ৷ ডিমাপুৰৰ পৰা গুৱাহাটীৰ অভিমুখে আহি থকা অবস্থাতে কৰ বিহীন সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

কাৰ্বি আংলং
ডিলাইত জব্দ ১ কোটি ৫০ লাখ টকা মূল্যৰ বাৰ্মিজ চুপাৰি
author img

By

Published : Mar 2, 2020, 9:38 PM IST

কাৰ্বি আংলং, 2 মাৰ্চঃ সোমবাৰে অসম-নগালেণ্ড সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীয়ে দুখনকৈ ম্যানমাৰৰ চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰে । ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ পৰা গুৱাহাটীৰ অভিমুখী দুখন ট্ৰাকত লৈ অহা কৰ বিহীন সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । ডিলাই আৰক্ষীয়ে জব্দ কৰা UP-15DT-3046 আৰু UP-15-DT-7764 নম্বৰৰ দুখন ট্ৰাকত প্ৰায় ১ কোটি ৫০ লাখ টকা মূল্যৰ ডিমাপুৰৰ পৰা অহা কৰবিহীন অবৈধ ম্যানমাৰৰ চুপাৰি মজুত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । কেইবাকোটি টকা মূল্যৰ কৰবিহীন এই অবৈধ সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে ৪ জনকৈ গাড়ীচালক আৰু হেণ্ডিমেনক আটক কৰে ৷ লগতে ডিলাই আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰে৷

ডিলাইত জব্দ ১ কোটি ৫০ লাখ টকা মূল্যৰ বাৰ্মিজ চুপাৰি

উল্লেখ্য যে, অসাধু ব্যৱসায়ীয়ে বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰে ম্যানমাৰৰ পৰা প্ৰথমে নগালেণ্ডৰ ডিমাপুৰলৈ অনা এই ম্যানমাৰৰ চুপাৰি পাছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় বুলি দীৰ্ঘদিনীয়া অভিযোগ উত্থাপন হৈ আহিছে । ডিলাই আৰক্ষীয়ে দেওবাৰে নিশা উদ্ধাৰ কৰা কেইবাকোটি টকা মূল্যৰ ম্যানমাৰৰ চুপাৰিয়ে এই অবৈধ ব্যৱসায় অসমৰ মাজেৰেই সৰবৰাহ হৈ আহিছে তাক পুনৰবাৰ প্ৰমাণ কৰে ।

একাংশ অবৈধ ব্যৱসায়ীৰ বাবেই ৰাজ্য তথা দেশৰ ৰাজকোষে হেৰুৱাবলগীয়া হৈছে বৃহৎ পৰিমাণৰ ৰাজহ ৷ এনে ক্ষেত্ৰত কাৰ্বি আংলং জিলাৰ নৱ-নিযুক্ত আৰক্ষী অধীক্ষকগৰাকীক হস্তক্ষেপৰ দাবী জনাইছে সচেতন মহলে । আন্তঃৰাজ্যিক গাড়ী চুৰ চক্ৰ আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ আহ-যাহ কৰা দুষ্কৃতিকাৰী সকলে কাৰ্বি আংলঙৰ ডিলাই পথক নিৰাপদ ক'ৰিডৰ হিচাপে গ্ৰহণ কৰি আহিছে যদিও শেহতীয়াকৈ আৰক্ষী অধীক্ষকৰ পদত দেবজিৎ দেউৰী নিযুক্ত হোৱাৰ পিছত এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সক্ৰিয় আৰু কঠোৰ ভূমিকা লোৱা পৰিলক্ষিত হৈছে ৷

আৰু পঢ়কঃ গো-মূত্ৰৰে কেঞ্চাৰ আৰু কৰ'ণা ভাইৰাচ প্ৰতিকাৰৰ উপায় দিলে সুমন হৰিপ্ৰিয়াই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.