ডিফু, ২৩ ফেব্ৰুৱাৰীঃ মঙলবাৰে পুৱাৰ ভাগত ডিফু নদীত এগৰাকী বৃদ্ধ লোকৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ চাঞ্চল্যৰ সৃষ্টি হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফু চহৰৰ জিনিং মিলৰ সমীপৰ ডিফু নদীৰ পানীত এটি মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷
ইয়াৰ পাচতে স্থানীয় লোকে ডিফু আৰক্ষীক খবৰ দিয়ে ৷ উক্ত খবৰ লাভ কৰি ডিফু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ মৃতদেহটো ডিফু ধৰমনালা পথৰ ধনি কলিতাৰ জ্যেষ্ঠ ভাতৃ টুনি কলিতা বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে ৷
পৰিয়ালৰ লোকে সদৰি কৰা মতে, টুনি কলিতা নামৰ লোকজন যোৱা ১৯ ফেব্ৰুৱাৰীৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল আৰু এই সন্দৰ্ভত পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰ-খুচাৰ কৰি আছিল বুলি সদৰি কৰে ৷