ETV Bharat / state

ডিফুত ৰেলপথৰ দাঁতিত উদ্ধাৰ ছিন্ন-ভিন্ন মৃতদেহ - নামনিমুৱা কামৰূপ এক্সপ্ৰেছ

ডিফুৰ ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ (Dead Body recovered near Diphu Railway Station) ৷ মৃতদেহটোৰ চিনাক্তকৰণৰ বাবে পৰৱৰ্তী 72 ঘণ্টা চিকিৎসালয়ৰ মৰ্গত ৰখা হ’ব বুলি সদৰী কৰে আৰক্ষীয়ে ৷

dead-body-recoverd-in-railway-track-in-diphu
ডিফুত ৰেলে কটা মৃতদেহ উদ্ধাৰ
author img

By

Published : Mar 20, 2022, 9:19 AM IST

ডিফু, 20 মাৰ্চ: শনিবাৰে পুৱা ডিফুৰ ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছে এটা মৃতদেহ (Dead Body recovered near Diphu Railway Station) ৷ মৃতদেহটো ছিন্ন-ভিন্ন অৱস্থাত উদ্ধাৰ হোৱাৰ বাবে এই পৰ্যন্ত পৰিচয় বাহিৰ কৰিব পৰা নাই আৰক্ষীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি, পুৱা আনুমানিক 5.30 বজাত অসম-নাগালেণ্ড সীমান্তৱৰ্তী ৰঙাপাহাৰ ছাইডিঙৰ ২৫০/৩ কিল’মিটাৰৰ ৰে’লপথত এজন লোকৰ মৃতদেহ পৰি থকাৰ সম্ভেদ লাভ কৰে ৰে’ল আৰক্ষীয়ে ৷

ততালিকে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ আৰক্ষীয়ে মৃতদেহটো কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত ডিফু ৰে’ল ষ্টেচনৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷

অচিনাক্ত মৃতদেহ উদ্ধাৰ

উক্ত ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্দ্ৰ দেৱগোস্বামীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, উদ্ধাৰ হোৱা ছিন্ন-ভিন্ন মৃতদেহটো প্ৰায় 40-45 বছৰ বয়সীয়া এগৰাকী পুৰুষৰ ৷

মৃতদেহটোৰ চিনাক্তকৰণৰ বাবে পৰৱৰ্তী 72 ঘণ্টা চিকিৎসালয়ৰ মৰ্গত ৰখা হ’ব বুলি সদৰী কৰে আৰক্ষীয়ে ৷ তদুপৰি নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত ব্যক্তিজনে প্ৰাণ হেৰুৱাই বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, অচিনাক্ত ছিন্ন-ভিন্ন মৃতদেহটো উদ্ধাৰ (Unknown Dead body recovered in Diphu) ৰ পিছতে সমগ্ৰ অঞ্চলটোতে একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে চাওক: ULFA linkman arrested: সোণাৰিত আলফাৰ লিংকমেন আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.