ডিফু, 20 জানুৱাৰী : সমাপ্তি ঘটিল প্ৰায় 11 বছৰীয়া এটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ৷ ধৰ্ষণৰ অভিযোগত চন্দন কৰ্মকাৰ নামৰ লোকজনক বুধবাৰে ৭ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিলে ডিফু ন্যায়িক আদালতে (Court sentences rapist to 7 years rigorous imprisonment)৷ ইয়াৰ লগতে দহ হেজাৰ টকাৰ জৰিমণাও বিহা হৈছে চন্দন কৰ্মকাৰক ৷ যদি অভিযুক্তগৰাকীয়ে এই ধন ৰাশি আদায় দিবলৈ সক্ষম নহয় তেনেহ'লে অতিৰিক্ত তিনিমাহৰ বাবে কাৰাৱাস খাটিব লাগিব বুলিও নিৰ্দশনাত উল্লেখ কৰে আদালতে ৷
অতিৰিক্ত লোক অধিবক্তা সঞ্জয় যাদৱে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, 2011 চনৰ পহিলা জানুৱাৰীৰ দিনা সন্ধিয়া প্ৰায় ছয় বজাত দেকানৰ পৰা নিজ ঘৰলৈ গৈ থকা অৱস্থাত চন্দন কৰ্মকাৰ নামৰ যুৱকজনে মুখত সোপা দি ধৰ্ষণ কৰিছিল এগৰাকী মহিলাক (Woman raped in Karbi Anglong)৷ মহিলাগৰাকীয়ে এইবিষয়ে পৰিয়ালৰ লোকক অৱগত কৰাত তেওঁৰ ভাতৃয়ে আঞ্জুকপানী থানাত দাখিল কৰিছিল এটা গোচৰ ৷ এই গোচৰৰ ভিত্তিত সুদীৰ্ঘ দহটা বছৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া চলাৰ অন্তত গোচৰৰ ৰায়দান কৰে আদালতে ৷
সহকাৰী সত্ৰ ন্যায়াধীশ এম এইচ আনচাৰীৰ বিচাৰপীঠে অভিযুক্ত চন্দন কৰ্মকাৰক নিজৰ কৃত কৰ্মৰ বাবে কাৰাদণ্ড বিহে ৷ ধৰ্ষণৰ বিৰুদ্ধে ডিফু ন্যায়িক আদালতে দিয়া এই ৰায়দানৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে ডিফুবাসীয়ে ৷
লগতে পঢ়ক : বাণিজ্যিক অনুজ্ঞাপত্ৰ বিহীন বিপণীৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ অভিযান অব্যাহত