ডিমা হাছাও, 7 ডিচেম্বৰ : কংগ্ৰেছ নেতা তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ তৎকালীন মুখ্য কাৰ্যবাহী সদস্য নিন্দু লাঙথাচা হত্যাৰ গোচৰত সোমবাৰে আদালতে পাৰ্বত্য পৰিষদৰ বৰ্তমান সদস্য দেৱলাল গাৰ্লচাৰ জামিন মঞ্জুৰ কৰে । পূৰনেন্দু নিন্দু হত্যাৰ গোচৰত সোমবাৰে প্ৰাক্তন উগ্ৰপন্থী নেতা তথা মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা হাফলং মুখ্য ন্যায় দণ্ডাধীশৰ আদালত হাজিৰ হোৱাৰ পিচত এই হত্যাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি দেৱলাল গার্লচাৰ জামিন মঞ্জুৰ কৰে মুখ্য ন্যায়িক দণ্ডাধীশ বংকিম শৰ্মাই ।
দেৱলাল গাৰ্লচাৰ হৈ জামিন লয় তেওঁৰ দুই ভাতৃয়ে । কিন্তু পূৰনেন্দু নিন্দু হত্যাৰ গোচৰত এতিয়া 14 দিনৰ মূৰত দেৱলাল গাৰ্লচাক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আদালতে ।
লগতে পঢ়ক : ভৈৰৱকুণ্ডত ভোটাধিকাৰ সাব্যস্ত মন্ত্ৰী ৰিহণ দৈমাৰীৰ
উল্লেখযোগ্য যে, 2007 চনৰ 4 জুনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ তৎকালীন মুখ্য কাৰ্যবাহী সদস্য পূৰনেন্দু লাঙথাচা আৰু কাৰ্য নিৰ্বাহ সদস্য নিন্দু লাঙথাচাক লাঙলাই হাচনু গাঁৱত ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনে হত্যা কৰিছিল । এই হত্যাৰ গোচৰত অভিযুক্ত পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা আৰু নিন্দু লাঙথাচাৰ পুত্ৰ ডেনিয়েল লাঙথাচাই গুৱাহাটী উচ্চ ন্যায়ালয়ত হত্যাৰ গোচৰলৈ এক লেখ আবেদন দাখিল কৰি গোচৰটো ফাষ্ট্ৰ ট্ৰেক আদালতত কৰাৰ বাবে দাবী উত্থাপন কৰিছিল ৷ এই গোচৰৰ শুনানি গুৱাহাটী উচ্চ ন্যায়লয়ত অহা 10 ডিচেম্বৰ কৰা হ'ব ।
লগতে পঢ়ক : দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি