কাৰ্বি আংলং,7 ফেব্ৰুৱাৰী: অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনৰ লগতে বিৰোধী দল কংগ্ৰেছে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ শনিবাৰে কাৰ্বি আংলং জিলাতো প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে বিৰোধী দলটোৱে ৷ জিলাখনৰ 11 খনকৈ ব্লক কংগ্ৰেছ কমিটিয়ে কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ বিভিন্ন স্থানত সাব্যস্ত কৰে প্ৰতিবাদ ৷
পুৱা 10 বজাৰ পৰা 3 ঘণ্টীয়া কার্যসূচীৰে পেট্র'লজাত সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্রতিবাদ সাব্যস্ত কৰে দলটোৰ কৰ্মীসকলে ৷ প্রতিবাদকাৰীসকলে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, তুলিৰাম ৰংহাং হুঁচিয়াৰ, হিমন্ত বিশ্ব শর্মা হায় হায়, বিজেপি লেই লেই চেই চেই আদি শ্ল'গান সম্বলিত প্লে-কার্ড প্রদর্শন কৰি প্রতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক: কেইটামান মুহুৰ্তৰ পিছতে ঢেকিয়াজুলিত পদাৰ্পণ কৰিব নৰেন্দ্ৰ মোডীয়ে