ETV Bharat / state

পেট্র'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিফুত কংগ্রেছৰ প্রতিবাদ

author img

By

Published : Feb 21, 2021, 9:18 PM IST

পেট্রল'ৰ ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিফুত কংগ্ৰেছৰ প্রতিবাদ । চহৰখনৰ পেট্রল পাম্পৰ সন্মুখত কংগ্রেছৰ প্রতিবাদ ।

ডিফুত কংগ্রেছৰ প্রতিবাদ
ডিফুত কংগ্রেছৰ প্রতিবাদ

ডিফু, ২১ ফেব্রুৱাৰী: ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক হাৰত মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক অতিষ্ঠ কৰি তােলাৰ সময়তে দেওবাৰে কার্বি আংলং জিলা কংগ্রেছৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ । জিলাখনৰ সদৰ চহৰ ডিফুৰ পেট্রল পাম্পৰ সন্মুখত কংগ্রেছ দলৰ নেতা-কর্মীসকলে অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰি পেট্ৰল'ৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে ।

কংগ্রেছ নেতা ডাঃ মংৱে ৰংপিৰ নেতৃত্বত কংগ্রেছ দলৰ ভালেসংখ্যক কর্মীয়ে দলীয় পতাকা প্রদর্শন কৰি হাতে-হাতে পােষ্টাৰ লৈ প্রতিবাদ সাব্যস্ত কৰে । প্রতিবাদী কার্যসূচীৰ নেতৃত্ব প্রদান কৰি সংবাদ মাধ্যমৰ আগত কংগ্রেছ নেতা ডাঃ মংৱে ৰংপিয়ে কয় যে, পেট্রল'ৰ প্রকৃত দাম মাত্র ৩০ টকা যদিও বিজেপি চৰকাৰে ইয়াত অত্যাধিক কৰৰ বােজা জাপি দি নিজৰ লাভৰ বাবে ৬০ টকা অতিৰিক্ত ভাৱে আদায় কৰে । ফলত সাধাৰণ গ্রাহক সমস্যাৰ সম্মুখীন হ'বলগীয়া হৈছে । কংগ্রেছৰ শাসনকালতো পেট্রল'ৰ মূল্যবৃদ্ধি হৈছিল যদিও এনে জটিল পৰিস্থিতিৰ সৃষ্টি হােৱা নাছিল বুলি মন্তব্য কৰি ৰংপিয়ে শীঘ্রে পেট্ৰল'ৰ মূল্য হ্রাস কৰাৰ দাবী জনায় ।

লগতে পঢ়ক:পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.