ETV Bharat / state

ডিফুত বিজেপিৰ প্ৰতিশ্ৰুতি দলিলৰ প্ৰতিলিপি দাহ জিলা কংগ্ৰেছৰ

বানপানী সমস্যা সন্দৰ্ভত বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতিলিপি দাহ কৰে জিলা কংগ্ৰেছৰ সদস্য সকলে ৷ ডিফুস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে ৷

Congress Protest Against Govt At Diphu
Congress Protest Against Govt At Diphu
author img

By

Published : Aug 3, 2020, 6:20 PM IST

ডিফু, ৩ আগষ্টঃ সোমবাৰে ৰাজ্যজুৰি কংগ্ৰেছে প্ৰতাৰণা বিৰোধী দিৱস উদযাপনৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙতো এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ উদ্যোগত ডিফুস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত জিলা কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দ আৰু দলীয় কৰ্মীয়ে পুৱা ১১ বজাৰ পৰা ১ বজালৈ ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Congress Protest Against Govt At Diphu

বিজেপি চৰকাৰৰ বানপানী প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি ব্যৰ্থ হোৱাৰ অভিযোগ তুলি জিলা কংগ্ৰেছে বিজেপি চৰকাৰৰ বান নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰতিলিপি দাহ কৰি নৰেন্দ্ৰ মোডী গ’ বেক, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতাৰণা বিৰোধী দিৱস কাৰ্যসূচীত উপস্থিত থাকি কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি অশোক টেৰণ, উপসভাপতি ৰতন ইংতি, ৰাতুল টেৰণ, সাধাৰণ সম্পাদক ডাঃ মংবে' ৰংপি আৰু লুম্বাজং ব্লক কংগ্ৰেছৰ সভাপতি জগত টকবীয়ে কয় যে, বিজেপি হাজাৰ হাজাৰ দিশত প্ৰতিশ্ৰুতি দিছিল যদিও সেইবোৰৰ মাজৰ পৰা কেৱল বানপানী সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা প্ৰতিশ্ৰুতি বিৰুদ্ধে গ্ৰহণ কৰা হৈছে প্ৰতাৰণা বিৰোধী দিৱস।

ব্ৰহ্মপুত্ৰ খননৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ ড্ৰেজাৰ কেতিয়া আহিব বুলি উল্লেখ কৰাৰ লগতে নমামী ব্ৰহ্মপুত্ৰ আৰু নমামী বৰাক উৎসৱৰ সপোন বোৰ কেতিয়া পূৰণ হ’ব বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- কৃষক মুক্তিৰ দুই নেতাক গ্ৰেপ্তাৰ ডিব্ৰুগড়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.