ETV Bharat / state

karbi students association : কাৰ্বি ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী

author img

By

Published : May 5, 2023, 9:19 PM IST

ডিলাইত কেএছএৰ সোণালী জয়ন্তী বৰ্ষত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এনআৰচি আৰু জয়ৰাম উংলেং সন্দৰ্ভতো মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে (50 years of karbi students association) ৷

Etv Bharat
Etv Bharat
কেএছএৰ সোণালী জয়ন্তী বৰ্ষ

কাৰ্বি আংলং, 5 মে' : কাৰ্বি ছাত্ৰ সন্থাৰ 50 সংখ্যক অভিৱৰ্তন অনুষ্ঠান বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কাৰ্বি আংলং জিলাৰ ডিলাইত অনুষ্ঠিত হোৱা চাৰিদিনীয়া এই অভিৱৰ্তনৰ অন্তিম দিনাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে । অভিৱৰ্তনত অংশগ্ৰহণ কৰি ছাত্ৰ সংগঠনটোৰ প্ৰতিষ্ঠা কালৰ কথা স্মৰণ কৰি প্ৰথমগৰাকী সভাপতি আৰু সম্পাদকৰ কথাও ভাষণত উল্লেখ কৰে (Golden jubilee programme of KSA)।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত তিনি দিন ধৰি তেওঁ কৰ্ণাটকত নিৰ্বাচনত ব্যস্ত থকাৰ কথা উল্লেখ কৰি কাৰ্বি ছাত্ৰ সন্থাৰ মৰম আৰু আদৰক তেওঁ নেওচা দিব নোৱাৰাৰ বাবেই এদিনৰ বাবে হ’লেও অসমলৈ অহাৰ কথা উল্লেখ কৰে । ছাত্ৰ সমাজক একগোট হৈ সমাজৰ হকে কাম কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । দুয়োখন পাৰ্বত্য জিলাত এতিয়া বিএড কলেজ, ল' কলেজ, চিকিৎসা মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয়কে আদি কৰি বহুকেইখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন হোৱাৰ কথা উল্লেখ কৰি অসম চৰকাৰে পাৰ্বত্য জিলাত এখন ৰাজ্যিক অথবা কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰাৰ চিন্তা-চৰ্চা কৰি থকা বুলি উল্লেখ কৰে (CM Himanta Biswa Sarma in Karbi Anglong) ।

পাহাৰীয়া জিলাত এতিয়া আন্তঃগাঁথনি উন্নত হোৱা বুলি উল্লেখ কৰি বৌদ্ধিক বিকাশৰ বাবে ছাত্ৰ সমাজক কাম কৰিবলৈ আহ্বান জনায় । বৌদ্ধিক বিকাশ অবিহনে এটা জাতি আগুৱাই যাব নোৱাৰে বুলি উল্লেখ কৰি আজিৰ সমাজত ছাত্ৰ সংগঠনৰ বহু কৰণীয় আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুকলি সভাত কাৰ্বি সংস্কৃতি, গীত, নৃত্যৰ সন্দৰ্ভতো বক্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে । আগন্তুক দিনত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে বহু নতুন আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে (All assam karbi students association)।

এন আৰ চি সন্দৰ্ভত ক’বলৈ গৈ অসমৰ এনআৰচিখন আসোঁৱাহপূৰ্ণ, ৰাষ্ট্ৰজুৰি এন আৰচি হলেহে শুদ্ধ এনআৰচি লাভ কৰিব পাৰিব বুলি কয় ৷ তদুপৰি জিলাখনৰ বিজেপি নেতা জয়ৰাম ইংলেঙৰ বিজেপি ত্যাগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জয়ৰাম ইংলেঙে বিজেপিত থাকিলেও সক্ৰিয় নাছিল বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিজেপিৰ কোনো নিৰ্বাচনী সভাতো ইংলেঙে অংশ গ্ৰহণো কৰা নাছিল বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে (Joyram Engleng quits BJP) ৷

লগতে পঢ়ক : Karbi Anglong politics: মুখ্যমন্ত্ৰীৰ ২৫০৩ কোটিৰ আধাৰশিলা বনাম ডিফুৰ ৰাজীৱ ভৱনত বিজেপি নেতাৰ বাবে ৰঙা দলিচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.