ETV Bharat / state

ডিফু সাহিত্য সভাৰ উদ্যোগত ৱেবিনাৰ 'কবিতাৰ এদিন' দ্বিতীয় খণ্ডৰ সফল সামৰণি - ডিফু সাহিত্য সভাৰ উদ্যোগত ৱেবিনাৰ 'কবিতাৰ এদিন' দ্বিতীয় খণ্ডৰ সফল সামৰণি

অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় ডিফু শাখা সাহিত্য সভাৰ উদ্যোগত যোৱা ৪ জুলাইত ৱেবিনাৰ জৰিয়তে 'কবিতাৰ এদিন' শীর্ষক কবি সন্মিলনখনিৰ সফল সামৰণিৰ অন্তত শনিবাৰে কবিতা সন্মিলনখনিৰ দ্বিতীয় খণ্ড সফলভাৱে অনুষ্ঠিত হৈ যায় । ডিফু সাহিত্য সভাৰ সভাপতি তথা অসমীয়া সাহিত্যৰ বিশিষ্ট উপন্যাসিক অজিত ছিংনাৰে সঞ্চালনা কৰা এই কবিতা সন্মিলনত ডিফু সাহিত্য সভাৰ সম্পাদক প্ৰফুল্ল মহন্তই কবিসকলক আদৰণি জনায় ।

closing of webiner on poem by diphu sahitya sabha
ডিফু সাহিত্য সভাৰ উদ্যোগত ৱেবিনাৰ "কবিতাৰ এদিন" দ্বিতীয় খণ্ডৰ সফল সামৰণি
author img

By

Published : Jul 12, 2020, 8:12 PM IST

ডিফু, ১২ জুলাই: দ্বিতীয় খণ্ডৰ 'কবিতাৰ এদিন' শীৰ্ষক অনুষ্ঠানটিত কাৰ্বি ভাষাৰ ওপৰিও অসমীয়া কাব্য জগতত সুনাম অৰ্জন কৰা কেইবাগৰাকীও কবিয়ে অংশগ্ৰহণ কৰে । অসম সাহিত্য সভাৰ একনিষ্ঠ কর্মী, বিশিষ্ট কবি সাহিত্যিক পাৰি ৰংপি, ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰীণা দেৱ, সম্পাদিকা কামিনী বড়ো, কাৰ্বি আৰু অসমীয়া ভাষাৰ বিশিষ্ট কবি নিৰলা ইংহিপী, বিউটী টকবিপী, মেৰী লাহন, প্রবীন কবি খৰছিং ইংতি, দেবেন কাকতি, বিদ্যুৎ বিভাগৰ ডিফু উপ সংমণ্ডলৰ বিষয়া তথা বিশিষ্ট কবি কিৰণ গগৈ, উদীয়মান কবি ৰশ্মিৰিয়া গগৈ, বিশিষ্ট কবি-সাহিত্যিক ভৱপ্রসাদ দেউৰী আৰু অশোক ঠাকুৰকে আদি কৰি কবিসকলে দুটাকৈ স্বৰচিত কবিতা পাঠ কৰে ।

বিশ্বজোৰা আতংক সৃষ্টিকাৰী ক'ৰণা মহামাৰীৰ বাবে লকডাউন চলি থকাৰ বাবে এটা নিৰ্দিষ্ট ঠাইত সমৱেত হৈ কবিতা, গল্প, প্রবন্ধ অথবা সাহিত্যৰ অন্যান্য দিশৰ ওপৰত আলোচনা কৰাটো সম্ভৱ নোহোৱাৰ ফলত আধুনিক তথ্য প্ৰযুক্তিৰ উপহাৰ ৱেবিনাৰ জৰিয়তে ডিফু সাহিত্য সভাৰ উদ্যোগত দ্বিতীয় খণ্ডৰ কবিতাৰ এদিন অনুষ্ঠানৰ আয়োজন কৰা হয় । দেশৰ সাহিত্য ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মানীয় সংস্থা সাহিত্য অকাডেমী আৰু অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভায়ো ইতিমধ্যে এনে ধৰণৰ অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰি আহিছে ।

সেয়েহে বর্তমানৰ অত্যাধুনিক তথ্য প্ৰযুক্তিৰ যুগত তথ্য প্ৰযুক্তিৰ সহায়ত পাহাৰীয়া জিলাখনৰ ভাষা-সাহিত্য, সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ হকে আত্মনিয়োগ কৰাৰ উদ্দেশ্যৰেই ডিফু সাহিত্য সভাইও লৈছে এনে এক সুন্দৰ পদক্ষেপ । উল্লেখ্য যে, অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ডিফুৰ ৰাংছিনা ভৱনত দ্বিতীয় বাৰৰ বাবে আঞ্চলিক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিয়েই সাহিত্য সূর্য লুম্মেৰ দাইৰ জন্মদিন, ড৹ নির্মল প্রভা বৰদলৈৰ স্মৃতি দিৱস, বিশ্ব পৰিৱেশ দিৱস, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস, ২৯ জুনত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা কাৰ্বি ভাষা সাহিত্যৰ অন্যত্বম কাণ্ডাৰী লংকাম টেৰণৰ স্মৃতি দিৱস, ৮ জুলাইত ভাষা শ্বহীদ সূৰ্য্য বৰা আৰু মফিজুদ্দিন আহমেদ হাজৰিকালৈ শ্রদ্বাঞ্জলী অনুষ্ঠান আৰু ১১জুলাইত অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱিকা, ডিমাছা আৰু অসমীয়া ভাষাৰ অভিধান প্ৰণেতা বিশিষ্ট সাহিত্যিক নিৰুপমা হাগজেৰৰ দশম মৃত্যু দিৱস অনুষ্ঠান ইতিমধ্যে সফলতাৰে উদযাপন কৰা হৈছে ।

লগতে পঢ়ক : কলিয়াবৰত মাছ মাৰিবলৈ গৈ নিখোজ যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.