ডিফু, ১৭ ফেব্রুৱাৰী: বুধবাৰে সমগ্ৰ দেশৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সফল সামৰণি পৰে ৷ এই পথ সুৰক্ষা মাহৰ লগত সামঞ্জস্য ৰাখি অসম চৰকাৰৰ মুখ্যমন্ত্রী গ্রাম্য পৰিবহণ আঁচনিৰ অধীনত বুধবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত হিতাধিকাৰীৰ মাজত মুঠ ১২ খন ক্ষুদ্র বাহন বিতৰণ কৰা হয় ।
এই উদ্দেশ্যে বুধবাৰে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰিবহণ বিভাগৰ কৰ্মশালাত আয়ােজিত এক বিশেষ অনুষ্ঠানত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে হিতাধিকাৰীসকলৰ মাজত বাহনসমূহ বিতৰণ কৰে । বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্রদান কৰী ভাষণত মুখ্য কার্যবাহীগৰাকীয়ে অসম চবকাৰৰ উক্ত আঁচনিৰ জৰিয়তে পলুৰ উদ্যোগী তথা আত্ম সহায়ক গােটসমূহে গ্রাম্য এলেকাৰ পৰা নগৰ অঞ্চল অথবা অন্য সকলাে প্রয়ােজনীয় স্থানলৈ যােগাযােগৰ ক্ষেত্রত গ্রামাঞ্চলৰ যাত্রীসকলৰ বাবে গুৰত্বপূর্ণ সেৱা আগবঢ়াবলৈ সক্ষম হব বুলি আশা প্রকাশ কৰে ৷
আনহাতে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে সাংবাদিকৰ আগত কয় যে, উক্ত আঁচনিৰ অধীনত মুঠ ৫৭ জন আবেদনকাৰীয়ে আবেদন কৰিছিল যদিও ২৪ জনেহে এই আঁচনিৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হয় ৷ ইয়াৰে ১২ জনক অসম চৰকাৰে ২৫ শতাংশ ৰাজ সাহায্যৰ ভিত্তিত বাহন সমূহ প্ৰদান কৰাৰ ব্যৱস্থা কৰে ৷ সেই মৰ্মে বুধবাৰে পৰিবহন বিভাগৰ উদ্যোগত ডিফুত ৯ জন হিতাধিকাৰীক আনুষ্ঠানিকভাবে এই বাহন সমূহ বিতৰণ কৰা হয় ৷
অনুষ্ঠানটোত ডিফুৰ সাংসদ হৰেণছিং বে ত্ৰিপুৰাৰ সাংসদ ৰেবিটি ত্রিপুৰা কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কেইবাগবাকী কার্যবাহী সদস্য, পৰিষদীয় সদস্য আদি উপস্থিত থাকে। উক্ত অনুষ্ঠানত বিভাগীয় কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুছা আৰু জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই পথ সুৰক্ষা মাহ সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায় ৷