ETV Bharat / state

Burmese Supari seized: খটখটিত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ - Burmese Supari seized at Bokajan

ৰাজ্যত বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে অভিযান (Anti Burmese Supari mission by Assam police)৷ ইয়াৰ মাজতেই খটখটিত ৩০০ বেগ বাৰ্মিজ চুপাৰি জব্দ । এই তথ্য় সদৰি কৰিছে আৰক্ষীয়ে ।

Barmese Supari seized at Bokajan
খটখটিত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ
author img

By

Published : Oct 31, 2022, 2:27 PM IST

Updated : Oct 31, 2022, 2:51 PM IST

ডিফু, ৩১ অক্টোবৰ: চৰকাৰে অবৈধ ব্যৱসায়, ছিণ্ডিকেট বন্ধ কৰি সংস্কাৰ সাধনৰ কথা কৈ থাকিলেও ৰাজ্যত প্ৰকৃততে ছিণ্ডিকেট বন্ধ হৈছেনে ? কিয়নো ৰাজ্যৰ চুকে-কোণে এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় (Smuggling Burmese Supari in Assam) ৷ একাংশ মাফিয়াই অতি ৰহস্যজনকভাৱে ৰাজ্যত অব্যাহত ৰাখিছে বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় ৷

অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতেই কাৰ্বি আংলং জিলাৰ খটখটিত ৩০০ বেগ বাৰ্মিজ চুপাৰি জব্দ কৰে । একাংশ অসাধু চক্ৰই মণিপুৰ ডিমাপুৰ সীমান্তহৈ কাৰ্বি আংলঙৰ ৩৯ নং ৰাষ্ট্রীয় ঘাইপথেৰে বহি:ৰাজ্যলৈ সৰবৰাহ কৰি আছে বাৰ্মিজ চুপাৰি (Burmese Supari seized at Bokajan)। দেওবাৰে বোকাজানৰ খটখটিত আৰক্ষীয়ে জব্দ কৰে চুপাৰিভৰ্তি এখন ট্ৰাক । ডিমাপুৰৰ পৰা আহি থকা অৱস্থাত খটখটি আৰক্ষীয়ে চোৰাং চুপাৰিখিনিৰ লগতে ট্ৰাকখন জব্দ কৰে ।

উল্লেখ্য় যে আৰ জে ৩৯ জি এ ০৭৫৯ নম্বৰৰ ট্ৰাকখনত ২৪ টন চুপাৰি অনাৰ সময়তেই আৰক্ষীয়ে চুপাৰিখিনি জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ট্ৰাকখনৰ চালক ৰাজস্থান বাৰমেৰ জিলাৰ বাগিৰথ শর্মাক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । ইপিনে, অসম-নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এমাহতে খটখটি আৰক্ষীৰ অভিযানত কেইবাখনো চুপাৰিভৰ্তি বাহন জব্দ কৰে ।

ইপিনে,শনিবাৰে অসম-নাগালেণ্ড সীমান্তৰ খটখটি আৰক্ষীৰ নাকা তালাচীত জব্দ হৈছে বৃহৎ পৰিমাণৰ চুপাৰি (Burmese supari seized at Khatkhoti) । খটখটি আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, চুপাৰি সৰবৰাহ কৰাৰ সন্দৰ্ভত লাভ কৰিছিল এক খবৰ ৷ সেই খবৰৰ আধাৰতে খটখটি আৰক্ষীয়ে গৌতম বস্তিৰ চাৰিলেন যুক্ত পথত চলাই এক অভিযান ৷ এই অভিযানতে ডিমাপুৰৰ দিশৰ পৰা আহি থকা অৱস্থাত গৌতম বস্তিৰ চাৰিলেন যুক্ত পথত বহুওৱা নাকা তালাচীত দুখন TATA DI বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে জব্দকৃত বাহন দুখনৰ পৰা আৰক্ষীয়ে ৩৪ টা বস্তাত ভৰাই অনা ৩০৫৭ কেজি চুপাৰি জব্দ কৰে । উল্লেখ্য যে, জব্দকৃত বাহন দুখনৰ নম্বৰ হৈছে AS01PC2686 আৰু AS02CC7938 ৷ ইয়াৰ উপৰি বাৰ্মিজ চুপাৰি সৰবৰাহৰ অভিযোগত খটখটি আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক:Burmese supari seized: বোকাজানৰ খটখটিত জব্দ বাৰ্মিজ চুপাৰি

Last Updated : Oct 31, 2022, 2:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.