ডিফু, 13 জুনঃ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ চিমেণ্ট উদ্যোগ, বোকাজান চিমেণ্ট ফেক্টৰীৰ সম্প্ৰসাৰন নোহোৱাৰ বাবে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই ৷ ম্যাদ উকলি যোৱা বোকাজান চিমেণ্ট ফেক্টৰীৰ উৎপাদন ক্ষমতা বৃদ্ধি আৰু সম্প্ৰসাৰণৰ বাবে ২০১১ চনতেই আৱন্তিত হৈছিল ১৪২.৫ কোটি টকা আৰু ২০১৩ বৰ্ষৰ ভিতৰত নিৰ্মাণ কাৰ্য শেষ কৰাৰ কথা আছিল ৷ কিন্ত আজিপৰ্যন্ত ৫০ শতাংশও কাম হৈ নুঠিল উদ্যোগটোৰ । যাৰ বাবে আজি আছু য়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই সম্পৰ্কে স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰীলৈ ৷
উল্লেখযোগ্য যে, সম্প্ৰসাৰণৰ প্ৰক্ৰিয়া যদি সম্পূৰ্ণ হয় তেন্তে, ফেক্টৰীৰ পৰা নিৰ্গত ধূলি বন্ধ হোৱাৰ লগতে স্থানীয় যুৱক-যুৱতীয়ে লাভ কৰিব নিযুক্তি ৷
লগতে পঢ়কঃ বাঘজানৰ জুই : আমেৰিকা আৰু কানাডাৰ পৰা আহিল বিশেষজ্ঞৰ দল