ETV Bharat / state

ডংকামোকামত শতাধিক পৰিয়ালে যোগ দিলে বিজেপিত

ডংকামোকামত শতাধিক পৰিয়ালে যোগ দিলে বিজেপিত । এই সভাৰ মজিয়াতে কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেণ সমষ্টিৰ হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৰোগ্য যোজনা আঁচনিৰ আয়ুষ্মান ভাৰত কাৰ্ড আৰু জবকাৰ্ড বিতৰণ কৰা হয় ।

author img

By

Published : Sep 17, 2020, 5:07 AM IST

BJP Joining meeting at Karbi Anglong
BJP Joining meeting at Karbi Anglong

হোজাই, 16 ছেপ্টেম্বৰ : ৰাজ্যত ৰাজনৈতিক দল সমূহৰ মাজত বৃ্দ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ বুধবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত বিজেপিত যোগ দিয়ে শতাধিক লোকে ৷ এই অনুষ্ঠানত উপস্থিত থাকি কাৰ্বি স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে কয় যে, অসমত বিজেপিৰ জয় নিশ্চিত ৷ পুনৰ 2021 ত অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে ৷ তেওঁ লগতে কয় যে, কংগ্ৰেছ-এ ইউ ডি এফ দলে যিমানেই একলগ নহওঁক কিয়, বিজেপিক একো কৰিব নোৱাৰে । আনহাতে, অসমত যিমানেই নতুন নতুন দল গঠন কৰিব সিমানেই বিজেপিৰ শক্তি বৃদ্ধি পাব বুলি উল্লেখ কৰে তিমুঙে । অন্য ৰাজনৈতিক দলৰ দৰে বিজেপিয়ে সমস্যা সৃষ্টি, সংঘৰ্ষ আদিৰ ৰাজনীতি কৰা নাই, ৰাজনীতি কৰিছে দেশৰ উন্নয়ন আৰু বিকাশৰ বাবেহে বুলি মন্তব্য কৰে মংগলছিং তিমুঙে ।

BJP Joining meeting at Karbi Anglong
ডংকামোকামত শতাধিক পৰিয়ালে যোগ দিলে বিজেপিত

উল্লেখযোগ্য যে, এই সভাত কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ লগতে উক্ত সমষ্টিৰ ক্ৰমে বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ', গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেন তিচ্ছ’, বিজেপি নেতা ক্ৰমে, মংগল বে’, বাছা টেৰণ, বিজেপি কিষণ মৰ্চাৰ সম্পাদক আৰচঙ ৰংহাং আৰু ভালে সংখ্যক বিজেপি নেতাকৰ্মী উপস্থিত থাকে ।

মনকৰিবলগীয়া, বিজেপিৰ এই শক্তি কেন্দ্ৰ সভাৰ যোগেদি হামৰেণ বিজেপি মণ্ডল কমিটিক পুনঃ গঠন কৰি পূৰ্ণাংগ কৰা সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলৰ নাম প্ৰকাশ কৰে হামৰেণ বিজেপি মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ'য়ে । লগতে ইতিমধ্যে গঠন কৰা বিজেপি স্থানীয় সমিতি আৰু বিজেপি শক্তি কেন্দ্ৰ সমিতি সমূহৰ বিষয়ববীয়া আৰু সদস্যসকলৰো নাম প্ৰকাশ কৰে ।

BJP Joining meeting at Karbi Anglong
হিতাধিকাৰীক জব কাৰ্ড বিতৰণ

তাৰ সমান্তৰালকৈ এই সভাৰ মজিয়াতে কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেণ সমষ্টিৰ হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৰোগ্য যোজনা আঁচনিৰ আয়ুষ্মান ভাৰত কাৰ্ড আৰু জবকাৰ্ড বিতৰণ কৰে । আনহাতে একে সময়তে ডংকামোকামৰ চিটুং-লাংছৰ শতাধিক পৰিয়ালে আজি কংগ্ৰেছ-এ এছ ডি চি দল ত্যাগ কৰি অনুষ্ঠানিকভাৱে বিজেপিত যোগদানো কৰে ।

লগতে পঢ়ক : বিজেপি চৰকাৰৰ আয়ুস মাত্ৰ 6 মাহ আছেঃ ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.