ETV Bharat / state

ডিফুত সজাগতামূলক সভা

author img

By

Published : Mar 7, 2021, 9:53 PM IST

স্থানীয় এলেকাসমূহৰ আভ্যন্তৰীণ সুৰক্ষা আৰু অসামাজিক কাৰ্যকলাপৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাৰে ডিফু নগৰ আৰক্ষী চকীত সজাগতামূলক সভা । সমাজখনত ব্যাধি ৰূপে থিয় দি নতুন প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি নিয়া চুৰি ডকাইতি, জুৱা আৰু মাদক দ্ৰব্য ,ড্ৰাগছৰ পয়োভৰ উদ্বিগ্নতা প্ৰকাশ কৰি ইয়াক নিৰ্মূল কৰাৰ বাবে গাওঁৰক্ষী বাহিনীৰ লগতে স্থানীয় ৰাইজক সচেষ্ট হৈ থাকিবলৈ ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুৎ নাথ, সহকাৰী উপ পৰিদৰ্শক আবুল ফাৰু আৰু সাংবাদিক ছাইদুল ইছলামে পৰামৰ্শ আগবঢ়ায় ৷

ডিফুত সজাগতামূলক সভা
ডিফুত সজাগতামূলক সভা

ডিফু, ৭ মাৰ্চ: ডিফু নগৰ আৰক্ষী চকীত সজাগতামূলক সভা । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচ্যুৎ নাথৰ আহ্বান মৰ্মে দেওবাৰে স্থানীয় ৰাইজৰ মাজত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰে । সজাগতামূলক সভাৰ বিষয়বস্তু আছিল স্থানীয় এলেকাসমূহৰ আভ্যন্তৰীণ সুৰক্ষা আৰু অসামাজিক কাৰ্যকলাপৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা । সভাত স্থানীয় এলেকা ৰংনিহান, হৰিলালবস্তি, পাণবাৰী, ধৰমনালা আৰু শান্তিপাৰাকে ধৰি বিভিন্ন এলেকাৰ শতাধিক ৰাইজ সমবেত হয় ৷

ডিফুত সজাগতামূলক সভা
ডিফুত সজাগতামূলক সভা

উক্ত সভাত স্থানীয় গাঁওৰক্ষী বাহিনীৰ মুৰব্বীৰ লগতে ঘৰৰ মালিক, মাটিৰ মালিক আৰু জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে ৷ সমাজখনত ব্যাধি ৰূপে থিয় দি নতুন প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি নিয়া চুৰি ডকাইতি, জুৱা আৰু মাদক দ্ৰব্য ,ড্ৰাগছৰ পয়োভৰ উদ্বিগ্নতা প্ৰকাশ কৰি ইয়াক নিৰ্মূল কৰাৰ বাবে গাওঁৰক্ষী বাহিনীৰ লগতে স্থানীয় ৰাইজক সচেষ্ট হৈ থাকিবলৈ ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুৎ নাথ, সহকাৰী উপ পৰিদৰ্শক আবুল ফাৰু আৰু সাংবাদিক ছাইদুল ইছলামে পৰামৰ্শ আগবঢ়ায় ৷

ইয়াৰোপৰি আৰক্ষী বিষয়া দুগৰাকীয়ে সমাজৰ পৰা অপৰাধ নিৰ্মূল কৰাৰ বাবে আৰক্ষীৰ সৈতে ৰাইজৰ সহযোগিতা অত্যন্ত জৰুৰী বুলি মন্তব্য কৰে ৷ ৰাইজৰ সহযোগিতা অবিহনে অপৰাধ নিৰ্মূল কৰিব নোৱাৰি বুলি মন্তব্য কৰে ৷ এতিয়াৰে পৰা ঘৰৰ মালিকসকলে প্ৰতিজন ভাড়াতীয়াৰ পৰা প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে ৰেজিষ্টাৰত পঞ্জীয়ন কৰাৰ লগতে সকলো তথ্য গাঁওৰক্ষী বাহিনীৰ জৰিয়তে সবিশেষ নগৰ আৰক্ষী চকীত দাখিল কৰিবলৈ কয় ৷ ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ এনে প্ৰচেষ্টাক স্থানীয় ৰাইজে শলাগ লয় ।

লগতে পঢ়ক: বাইহাটাত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.