ETV Bharat / state

Awareness program on tobacco: ডিফুত ধঁপাত উৎপাদন নিয়ন্ত্ৰণ সজাগতা সভা

author img

By

Published : Oct 13, 2022, 2:19 PM IST

ধঁপাত জাতীয় সামগ্ৰী উৎপাদন আইন ২০০৩ (Tobacco Products Production control Act 2003) সন্দৰ্ভত সজাগতা সভা । ডিফুত জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত সাংবাদিক সকলকলৈ এই সজাগতা সভাখন অনুষ্ঠিত হয় ৷

Awareness program on tobacco
ডিফুত ধঁপাত উৎপাদন নিয়ন্ত্ৰণ সজাগতা সভা

ডিফু, ১৩ অক্টোবৰ: ডিফুত বুধবাৰে জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত ডিফুৰ তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত সাংবাদিক সকলক লৈ এক সজাগতা সভা (Awareness meeting of Tobacco Production at Diphu) অনুষ্ঠিত হয় ৷ উক্ত সভাত জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন'ডেল বিষয়া গুণাভি নাথে প্ৰজেক্টৰৰ জৰিয়তে চিগাৰেট আৰু ধঁপাত জাতীয় অনান্য সামগ্ৰীৰ সেৱন আৰু ব্যৱহাৰৰ ভয়াৱহতা, ইয়াৰ প্ৰতিৰোধ, নিয়ন্ত্ৰণ সম্পৰ্কে বাখ্য়া আগবঢ়ায় ৷

উক্ত সজাগতা সভাত চিগাৰেট আৰু অন্য়ান্য ধঁপাত জাতীয় সামগ্ৰী উৎপাদন আইন ২০০৩ সন্দৰ্ভত আভাষ দিয়ে নডেল বিষয়াগৰাকীয়ে ৷ এই সজাগতা সভাৰ লগত সংগতি ৰাখি স্তন কেন্সাৰ সজাগতা মাহ (Breast Cancer Awareness Month) উপলক্ষে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছন ডিফুৰ প্ৰতিনিধি হিম কুমাৰ গিমিৰে স্তন কেন্সাৰৰ ওপৰত বিশেষ বক্তব্য আগবঢ়ায় ৷

আনহাতে, সভাখনত জিলা তথ্য আৰু জন সংযোগ বিভাগৰ উপ-সঞ্চালক অবিনাশ বৰ্মণ, জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাছা, জ্যেষ্ঠ সাংবাদিক সকল ক্ৰমে,সঞ্জু বৰা,দেৱজ্যোতি বৰা,কাংবুৰা চিংনাৰ ,ভগীৰথ ডেকা আৰু ছুহন প্ৰসাদ মাহাতো উপস্থিত থাকে ৷

উল্লেখ্য় যে ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল ২০০৭ চনৰ অক্টোবৰত । ২০১২ চনৰ এপ্ৰিলত এই কৰ্মসূচী স্বাস্থ্য সেৱা সঞ্চালকৰ প্ৰশাসন-পৰিচালনাৰ অধীন হয় । এটা ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষ আছে ৰাজ্যিক পৰ্যায়ত । ৰাজ্যৰ সক্ষমতা গঢ় দিয়াৰ বাবে আৰু ফলদায়ক ভাৱে শক্তি প্ৰয়োগ কৰি ধঁপাত বিৰোধী আইন কাৰ্যকৰীকৰণ আৰু জিলাৰ ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সৈতে সু-সমন্বয় ৰক্ষা কৰিবলৈ ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষ গঠন কৰা হৈছে ।

ৰাজ্যৰ ধঁপাত নিয়ন্ত্ৰণ কোষ কৰ্মচাৰীসকল হ'ল ৰাজ্যিক ন'ডেল বিষয়া, এজন ৰাজ্যিক পৰমৰ্শদাতা । ইপিনে,জিলা ধপাত নিয়ন্ত্ৰণ কোষ (DTCC) গঠন কৰা হৈছে ধঁপাতবিৰোধী আইন প্ৰয়োগ কৰাৰ কাৰণে । ধঁপাত ব্যৱহাৰত কু-প্ৰভাৱিত হোৱাৰ বিৰুদ্ধে জনসজাগতা বৃদ্ধি কৰাটোৱেই ইয়াৰ প্ৰধান লক্ষ্য় ।

লগতে পঢ়ক:Irresponsibility of IWTD : দিখৌমুখ পাৰাঘাটত যাত্ৰীৰ সৈতে হেতালি জল পৰিবহণ বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.