ETV Bharat / state

ছয় বিদ্ৰোহী সংগঠনৰ সদস্যলৈ চাৰিলাখ টকাৰ এককালীন সাহায্য মুখ্যমন্ত্ৰীৰ - Assam CM concerned over new member admission in ULFA

দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে কাৰ্বি আংলং জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM visit Karbi Anglong)। কেইবাটাও অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে । শান্তিচুক্তিৰ জৰিয়তে মূলসূঁতিলৈ অহা প্ৰায় দুই হাজাৰ উগ্ৰপন্থী সংগঠনৰ সদস্যক চৰকাৰৰ তৰফৰ পৰা সাহায্য প্ৰদান । ১১ টা পৰিষদীয় সমষ্টিক ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে ১১০ কোটি টকাৰ আঁচনি ।

Assam CM at Karbi Anglong
আলফাত নতুন সদস্য ভৰ্তিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী
author img

By

Published : Apr 16, 2022, 12:41 PM IST

ডিফু, ১৬ এপ্ৰিল : বিগত বছৰৰ ৪ চেপ্টেম্বৰত নতুন দিল্লীত কাৰ্বি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠন, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত শান্তিচুক্তি সম্পন্ন হোৱাৰ পাছত মূলসূঁতিলৈ ঘূৰি অহা কেএলএনএলএফ (KLNLF), পিডিচিকে(PDCK), ইউপিএলএ (UPLA) আৰু কেপিএলটি (KPLT) সংগঠনৰ প্ৰায় দুই হাজাৰ সদস্যক শুকুৰবাৰে চাৰিলাখ টকাৰ বিশেষ সাহায্য প্ৰদান কৰে ৰাজ্য চৰকাৰে । শুকুৰবাৰৰ এই বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য প্ৰদান কৰে (Assam provides assistance to militant returning to mainstream)।

দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma at Karbi Anglong) ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এক বিশাল সভাত মূলসূঁতিলৈ ঘূৰি অহা উগ্ৰপন্থী সদস্যসকলৰ মাজত এই সাহায্য প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত এককালীন সাহায্যৰ ধন মূলসূঁতিলৈ ঘূৰি অহা সদস্যসকলক সৎ কাৰ্যত ব্যৱহাৰ কৰি স্ব-নিয়োজনত ব্ৰতী হৈ কাৰ্বি আংলং জিলাৰ অৰ্থনীতিক শক্তিশালী কৰিবলৈ আহ্বান জনায় ৷

উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ ১১ টা পৰিষদীয় সমষ্টিক ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে ১১০ কোটি টকাৰ আঁচনিৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনিৰ শুভ উদ্বোধন কৰে (Assam CM launched several schemes in Diphu) ৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, কাৰ্বি শান্তি চুক্তিৰ পিছত ইয়াৰ প্ৰতিটো দফাৰ কাম আৰম্ভ কৰা হৈছে ৷ সেই চুক্তি অনুসৰি চুক্তি স্বাক্ষৰিত উগ্ৰপন্থী সংগঠনটোৰ প্ৰায় ১,৯০০ তকৈ অধিক সদস্যৰ পুন:সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে চাৰি লাখ টকাৰ নিৰ্দিষ্ট ধন জমা কৰি দিলে ৷

ইয়াৰোপৰি উক্ত উগ্ৰপন্থী সংগঠনকেইটাৰ সদস্যসকলৰ ওপৰত থকা গুৰুতৰ অপৰাধৰ বাহিৰে অন্যান্য গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ কয় ৷ ইয়াৰোপৰি অহা ২৮ এপ্ৰিলত কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ভ্ৰমণলৈ অহাৰ পিছত সেই দিনটোৰ পৰাই কাৰ্বি শান্তি চুক্তিৰ অৰ্থনৈতিক পেকেজসমূহৰ কাম আৰম্ভ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ৷ যোৱা ১১ মাহৰ পৰা কাৰ্বি আৰু বড়ো শান্তি চুক্তিৰ বাবে অসম আৰক্ষী, উগ্ৰপন্থী সংগঠন আৰু সাধাৰণ ৰাইজৰ সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ধন্যবাদ জনায় ৷

বড়ো আৰু কাৰ্বি শান্তি চুক্তিৰ পাছত জনজাতিসকলৰ মাজৰ পৰা সশস্ত্ৰৰ ধাৰণা এক প্ৰকাৰ নাইকিয়া হৈছে বুলি মন্তব্য কৰে ৷ আলফা সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজনৈতিকভাৱে সকলো ক্ষেত্ৰত সম্পৰ্ক ৰক্ষা কৰি চলা হৈছে যদিও আলফাত নতুনকৈ সদস্য ভৰ্তি হোৱাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰীগৰাকী (Assam CM concerned over new member admission in ULFA)৷ শান্তি চুক্তিৰ লগতে ২০১১ চনৰ এমঅ'এছো সমানে ৰূপায়ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে ৷

সভাত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন, বিধায়ক ক্ৰমে বিদ্যাছিং ইংলেঙ, দৰছিং ৰংহাঙ, ৰূপছিং টেৰণ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক :CM Himanta Biswa Sarma in Diphu: ডিফুত উৰণীয়া সেঁতুৰ ভূমি পূজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.