গুৱাহাটী, ১১ অক্টোবৰ: উত্তৰ প্ৰদেশৰ কৃষকৰ গণতান্ত্ৰিক আন্দোলনকাৰী কৃষকৰ ওপৰেৰে গাড়ী চলাই সন্ত্ৰাস সৃষ্টি কৰা অপৰাধীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত শনিবাৰে 'মৌন ব্ৰত' প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ উত্তৰ প্ৰদেশৰ খেৰীৰ ঘটনাৰ সৈতে বিজেপি চৰকাৰৰ কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰসহ কেইবাগৰাকী লোকৰ নাম সাঙুৰ খাই পৰিছিল ৷

মেঘদূত ভৱনৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ডেৰ ঘন্টা ধৰি সাব্যস্ত কৰে মৌন প্ৰতিবাদ। মৌন প্ৰতিবাদত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, সমগ্ৰ দেশৰ লগতে মহানগৰীতো মৌন প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । উত্তৰ প্ৰদেশৰ কৃষকৰ গণতান্ত্ৰিক আন্দোলনকাৰী কৃষকৰ ওপৰেৰে গাড়ী চলাই ৪ জনকৈ নিৰীহ লোকক বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰক পুলিচে কৰায়ত্ত কৰাত গাফিলতি কৰিছে ।

এই ক্ষেত্ৰত দোষীক কেনেধৰণৰ শাস্তি প্ৰদান কৰা হ'ব, সেই ক্ষেত্ৰত এতিয়ালৈ চৰকাৰে কোনো বক্তব্য ৰখা নাই । মন্ত্ৰী অজয় মিশ্ৰ টানিক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে । দোষীক যদি উচিত শাস্তি প্ৰদান নকৰে, তেন্তে আনাগত দিনত আন্দোলন আৰু তিব্ৰতৰ কৰা হ'ব বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷
লগতে পঢ়ক: বোকাখাত আৰক্ষীৰ কঠোৰ স্থিতি, ভুলতো বাইকত দুজন নাহিব পূজা চাবলৈ !