ETV Bharat / state

Book fair in Karbi Anglong: কাৰ্বিভূমিত 6 ফেব্ৰুৱাৰীৰ পৰা অসম গ্ৰন্থমেলা

author img

By

Published : Jan 5, 2023, 8:26 PM IST

অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ডিফুত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Book fair in Karbi Anglong) ৷ সংবাদমেল যোগে ঘোষণা জিলা উপায়ুক্ত মধুমিতা ভাগৱতীৰ ৷ গ্ৰন্থমেলাখনত অসমৰ বিপণিৰ বাহিৰেও বহিঃৰাজ্যৰ ১১ টা প্ৰতিষ্ঠান আৰু বাংলাদেশৰ প্ৰতিষ্ঠানেও অংশ গ্ৰহণ ৷

অসম গ্ৰন্থমেলা
Book fair in Karbi Anglong
কাৰ্বি আংলঙত অসম গ্ৰন্থমেলা

ডিফু, ৫ জানুৱাৰী: ডিফুৰ গ্ৰন্থপ্ৰেমী আৰু সাহিত্যানুৰাগীসকলৰ বাবে সুখবৰ ৷ কাৰ্বি আংলঙৰ সেউজীয়া পাহাৰৰ নৈসৰ্গিক মনোৰম পৰিৱেশৰ মাজত জিলা সদৰ চহৰ ডিফুত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ২০২৩ (Assam Book fair 2023) ৷ বৃহস্পতিবাৰে বিয়লিৰ ভাগত ডিফুস্থিত আৱৰ্তভৱনত এক সংবাদমেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰে জিলা উপায়ুক্ত মধুমিতা ভাগৱতীয়ে ৷

সংবাদমেলত জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে, চলিত বৰ্ষৰ অহা ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখৰ পৰা ১২ তাৰিখলৈকে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ২০২৩ ৷ কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশন পৰিষদ লগতে পুথি বিক্ৰেতা সন্থাৰ সহযোগত অনুষ্ঠিত কৰা হ’ব উক্ত গ্ৰন্থমেলাখন (Book Fair in Karbi Anglong)৷

গ্ৰন্থমেলাখনত অসমৰ বাহিৰৰ ১১ টা বিভিন্ন প্ৰতিষ্ঠানৰ লগতে বাংলাদেশৰ প্ৰতিষ্ঠানেও অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ উপায়ুক্ত মধুমিতা ভাগৱতীয়ে জানিবলৈ দিয়া অনুসৰি অসম গ্ৰন্থমেলাৰ ডিফু ২০২৩ ৰ জৰিয়তে নৱীন-প্ৰৱীণ লেখক-লেখিকা সকলে স্বৰচিত গ্ৰন্থ পুথি আদি উন্মোচন কৰাৰ সুযোগ পাব ৷

লগতে পঢ়ক: Novel Jakaranda Inaugurated : গল্পকাৰ বিপাশা বৰাৰ প্ৰথম উপন্যাস জাকাৰান্দা উন্মোচন

উক্ত গ্ৰন্থমেলাৰ জৰিয়তে নতুন প্ৰজন্মৰ উৎকৰ্ষ সাধন হোৱাৰ লগতে শৈক্ষিক আৰু সামাজিক দিশতো ইতিবাচক বাৰ্তা বহন কৰিব বুলি জানিবলৈ দিয়ে ৷ কাৰ্যসূচী অনুসৰি অহা ৬ ফেব্ৰুৱাৰীত গ্ৰন্থমেলা উদ্ধোধনী অনুষ্ঠান, ৭ ফেব্ৰুৱাৰীত কাৰ্বি ভাষাত আলোচনা চক্ৰ, সাংস্কৃতিক সন্ধিয়া, ৮ ফেব্ৰুৱাৰীত শিশুৰ অনুষ্ঠান (শিশু দিন), সাংস্কৃতিক সন্ধিয়া, ৯ ফেব্ৰুৱাৰীত বহু ভাষিক কবি সন্মিলন আৰু সন্ধিয়াৰ ভাগত সাংস্কৃতিক সন্ধিয়া, ১০ ফেব্ৰুৱাৰীত যুৱ লেখকৰ সমাৰোহ, সন্ধিয়া সাংস্কৃতিক সন্ধিয়া, ১১ ফেব্ৰুৱাৰীত লোক পৰম্পৰা চৰ্চা আৰু গ্ৰন্থ প্ৰণয়নৰ ওপৰত আলোচনা চক্ৰ, সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু ১২ ফেব্ৰুৱাৰীত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান আৰু সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান ৷

আনহাতে, গ্ৰন্থমেলাৰ প্ৰতিটো কাৰ্যসূচীৰ উন্মোচনী কাৰ্যসূচী বিভিন্ন বিশিষ্ট ব্যক্তিৰ দ্বাৰা কৰোৱা হ’ব বুলি জানিব দিয়ে উপায়ুক্ত গৰাকীয়ে ৷ এই গ্ৰন্থমেলাক লৈ আয়োজক যথেষ্ট আশাবাদী হৈ পৰিছে ৷ সেউজীয়া কাৰ্বি ভূমিত গ্ৰন্থৰ সুবাস ল’বলৈ পাঠকে ভিৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে গ্ৰন্থমেলাৰ উদ্যোক্তা সমিতিয়ে ৷

ইফালে, গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ আছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাৰ দ্বাৰা যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা 2023 ৷ পূৰ্বতে দুয়োটা সংস্থাই পৃথকে পৃথকে গ্ৰন্থমেলাৰ আয়োজন কৰিছিল যদিও বিগত বৰ্ষৰ পৰা দুয়োটা সংস্থাই সন্মিলিতভাৱে আয়োজন কৰিছে অসম গ্ৰন্থমেলা ৷ এই বৰ্ষত 29 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলাৰ অন্ত পৰিব অহা 9 জানুৱাৰীত ৷

লগতে পঢ়ক: ULFA Combat Trainer Mani Hazarika: কৰ্মসংস্থাপনৰ অভাৱত আলফামুখী হৈছে নতুন প্ৰজন্ম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.