ETV Bharat / state

বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰছ ছিৰিয়াচ নহয় !

author img

By

Published : Mar 5, 2021, 10:26 AM IST

বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ আঞ্চলিক দল এএছডিচিৰ এক সংবাদমেল ৷ লক্ষ্য মাত্ৰ নিৰ্বাচন ৷

বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰছ ছিৰিয়াচ নহয় !
বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰছ ছিৰিয়াচ নহয় !

ডিফু, 4 মাৰ্চ: বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ আঞ্চলিক দল এএছডিচি (Autonomous State Demand Committee) ৰ এক সংবাদমেল ৷ ভাৰতীয় জনতা দলক প্ৰতিহত কৰাৰ লক্ষৰে সকলো দল এক হোৱাৰ বাবে যো-যা চলাইছে ৰাজ্যৰ ৰাজনৈতিক দল তথা ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত সংগঠন সমূহে ৷ কিন্তু তাৰ মাজতে কংগ্ৰেছ দলে এএছডিচিৰ আশাত ঢালিলে চেঁচা পানী ৷ কিয়নো দলটোৱে বিজেপিক বাধা দিয়াৰ বাবে কংগ্ৰেছৰ মহাজোঁটত অন্তর্ভুক্ত হোৱাৰ আশা কৰিছিল যদিও কংগ্ৰেছে দলটোক কোনা গুৰুত্ব নিদিলে । কিছুদিন পূৰ্বে দলটোৱে নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদৰ লগত বুজাবুজি কৰিছিল যদিও বিজেপিক পাহাৰত ভেটা দিয়াৰ স্বার্থত কংগ্ৰছ মহাজোঁটত অহাৰ বাবে চেষ্টা কৰিছিল । কিন্তু কংগ্ৰেছে এএছডিচি ৰ সেই প্ৰস্তাৱক প্ৰত্যাখ্যান কৰিছে । যাৰ বাবে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভিত এএছডিচি ৷

একেদৰে আন এটা আঞ্চলিক দল এপিএইচ, এলচিয়েও এএছডিচিৰ লগত বুজাবুজি নকৰাত দলটোৱে এতিয়া ৪টা সমষ্টিত অকলেই যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে এক সংবাদমেলত দলটোৰ মুখপাত্ৰ ডেনিয়েল টেৰণে এই বিষয়ে অৱগত কৰে ৷ আনহাতে, বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰছ ছিৰিয়াচ নহয় বুলিও মন্তব্য কৰে এএছডিচিৰ মুখপাত্ৰ গৰাকীয়ে ৷

জিলা কংগ্ৰেছৰ সভাপতি প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিয়ে প্ৰদেশ কংগ্ৰেছৰ সৈতে আলোচনা কৰি এএছডিচিক অৱগত কৰোৱাৰ কথা আছিল । দলটোৱে এটা ভাল খবৰ পাব বুলি আশা কৰিছিল যদিও বৃহস্পতিবাৰে খৰছিং ইংতিয়ে এএছডিচিৰ লগত বুজাবুজি নহয় বুলি স্পষ্ট কৰি দিলে । ইয়াৰ পিছতে এএছডিচি দলে এক সংবাদমেল সম্বোধন কৰি ক্ষোভ প্ৰকাশ কৰে । কংগ্ৰছৰ এই সিদ্ধান্তৰ পিছত পাহাৰৰ পাঁচখন আসনত বিজেপিক ৱাকঅভাৰ দিবলৈ যেন কংগ্ৰছ দলে কঁকালত টঙালি বান্ধি সাজু হৈছে ৷ তাকে লৈ এতিয়া পাহাৰৰ ৰাজনৈতিক মহলত ব্যাপক চর্চা চলা পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.