ডিফু, 20 মে' : আগন্তুক 8 জুনত অনুষ্ঠিত হʼবলগীয়া কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত (Karbi Anglong Autonomous Council Elections 2022) প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাবে সৰু বৰ সকলো ৰাজনৈতিক দলেই ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । উল্লেখ্য যে, শুকুৰবাৰে বিয়লি ডিফুত এক সংবাদমেল আয়োজন কৰি এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে (Press meet of ASDC president)প্ৰথম পৰ্যায়ত 19 টা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ কৰে (ASDC announced candidate list for KAAC elections)।
আনহাতে দলৰ সাধাৰণ সম্পাদক তথা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৎছন বেʼ, দলটোৰ নেতা ডেনিয়েল টেৰণৰ উপস্থিতিত ঘোষণা কৰা উক্ত প্ৰাৰ্থীৰ তালিকা অনুসৰি দুৱাৰ আমলা সমষ্টিত চৰকাৰ ফাংচʼ, চিণ্ঠঙত চন্দ্ৰ ৰংফাৰ, চʼছেঙত ৰামছিং তেৰাং, বিথুং ৰেংথামাত চিকাৰী কাছাৰ, কপিলীত চন্দ্ৰছিং ডেৰা, হামৰেণত মেনছিং তেৰাং, হাওৰাঘাটত ৰত্নেশ্বৰ তিমুং, ফুলনিত মুনীন্দ্ৰ বেʼ, কৰকাণ্ঠিত খৰছিং ইংতি, মহামায়াত বাবুছিং ৰংহাং, ন-মাটিত বৰছিং ফাংচʼ, চʼছেং ধেন্টাত দ্বিজেন্দ্ৰ তেৰাং, লুম্বাজঙত মাইকন ৰংফাৰপী, ধনশিৰিত মণ্ডল তাৰʼ, সিংহাসনত ৰাকেশছিং টেৰণ, নিলীপত সুনিল টকবী, দুৱাৰ বাগৰিক ৰাজেন হাঞ্চে আৰু বৰজান পৰিষদীয় সমষ্টিত কমলছিং বে'ক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷
আনহাতে আমৰি, লাংফেৰ আৰু সৰুপথাৰত এএছডিচিয়ে এগৰাকী পচন্দৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ লগতে আমৰেং,ৰংখাং, লাংহিন আৰু বোকাজান পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে এএছডিচিৰ নেতৃবৰ্গই ৷
আনহাতে সংবাদমেলত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ক্ষোভ প্ৰকাশ কৰি কয় যে, কাৰ্বি আংলঙৰ ৰাইজৰ ইচ্ছা আকাংক্ষাক সন্মান জনাই বিজেপিক নিৰ্বাচনী যুঁজত পৰাজয় কৰিবলৈ বিজেপি বিৰোধী শক্তি সমূহকলৈ ঐক্যবদ্ধভাবে যুজ দিয়াৰ বাবে এএছডিচিয়ে কংগ্ৰেছ আৰু এপিএইছএলচিৰে মিত্ৰতাৰ হাত আগবঢ়াইছিল যদিও দুয়োটা দলে ৰাইজৰ আকাংক্ষাক নুবুজিলে আৰু এএছডিৰে মিত্ৰতা নকৰিলে ৷ পৰিষদীয় নিৰ্বাচনত কেনেবাকৈ বিজেপি দল জয়ী হ'লে তাৰ বাবে কংগ্ৰেছ আৰু এপিএইছএলচি দায়ী হ'ব বুলি মন্তব্য কৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷
লগতে পঢ়ক : KAAC Election 2022 : নিৰ্বাচনৰ টিকট লাগে প্ৰাক্তন উগ্ৰপন্থী নেতাক