ডিফু, ১ এপ্ৰিল : অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূ খণ্ডৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ 'সামৰিক বাহিনীৰ সবিশেষ ক্ষমতা আইন 'আফস্পা' প্ৰত্যাহাৰ কৰা কেন্দ্ৰীয় চৰকাৰ সিদ্ধান্তৰ পিছত অসমৰ তিনি পাৰ্বত্য জিলাত এই আইন বাহাল ৰখাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কাৰ্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে ৷
শুকুৰবাৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙৰ ডিফুস্থিত বাসগৃহত এক সংবাদমেল(ASDC president addresses press meet) আয়োজন কৰি তিনি পাৰ্বত্য জিলা ক্ৰমে, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত এই আইন বাহাল ৰখাত আচৰ্য প্ৰকাশ কৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷
সংবাদমেল সম্বোধন কৰি সভাপতিগৰাকীয়ে কয় যে, "১৯৫১ চনত বিভিন্ন গোষ্ঠীগত আৰু ধৰ্মীয় সংঘাটৰ বাবে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনখন ১৯৫৮ চনত লোকসভা আৰু ৰাজ্যসভাত 'আফস্পা' গৃহিত কৰা হৈছিল যদিও বৰ্তমান সেই পৰিৱেশ নাই ৷ সেয়ে আইনখনৰো প্ৰয়োজন নাই ৷"
আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ ভূ-খণ্ডৰ পৰাও এই আইন প্ৰত্যাহাৰ কৰা হৈছে যদিও উজনি অসমৰ লগতে তিনি পাৰ্বত্য জিলাত এই আইন বাহাল ৰখাত অসন্তুষ্টি প্ৰকাশ কৰিছে নেতাগৰাকীয়ে(ASDCs Dissatisfaction on AFSPA) ৷ তিনি পাৰ্বত্য জিলাত বৰ্তমান শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে ৷ অঞ্চটোৰ জনসাধাৰণ শান্তিৰে বসৱাস কৰিছে, তেনে ক্ষেত্ৰত পাৰ্বত্য জিলা তিনিখনৰ পৰাও 'আফস্পা'ৰ দৰে নিষ্ঠুৰ আইনখন প্ৰত্যাহাৰ হ'ব লাগে আৰু এই সিদ্ধান্তৰ পুণৰীক্ষণ হ'ব লাগে বুলি দাবী তেওঁ জনায় ৷
সমাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন(Karbi Anglong Autonomous Council Election 2022)ৰ প্ৰতি লক্ষ্য ৰাখি পাৰ্বত্য জিলা কেইখনৰ আইন-শৃংখলা বিনষ্ট কৰি চৰকাৰৰ ক্ষমতাকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেই পাৰ্বত্য জিলা তিনিখনত 'আফস্পা' বাহাল ৰখা কাৰ্যও বিজেপি চৰকাৰৰ এক ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপন কৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷
লগতে পঢ়ক : অসম-মেঘালয় সীমা সমস্যাক লৈ হোৱা ত্ৰিপাক্ষিক চুক্তিকলৈ ASDCৰ প্ৰতিক্ৰিয়া