ডিফু, ২৪ নৱেম্বৰ: লাচিত দিৱস আৰু ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে মঙলবাৰে ৰক্তদান কাৰ্যসূচী গ্ৰহণ কৰা হয় । নেশ্যনেল মেডিক'জ অৰ্গেনাইজেছন আৰু ডিফু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত ৰক্তদান শিবিৰ আয়োজন কৰে ।
ৰোগীৰ চিকিৎসাৰ বাবে স্বেচ্ছাসেৱী সকলে ৰক্তদান কৰে । স্বেচ্ছাসেৱী সকলৰ ভিতৰত অধিকাংশই আৰ এছ এছ কৰ্মী আৰু স্বাস্থ্য কৰ্মী বুলি জানিব পৰা গৈছে । ৰক্তদান শিৱিৰটোত মঙলবাৰে ২৭ ইউনিট তেজ সংগ্ৰহ কৰা হয় ৷ এনে ৰক্তদান কাৰ্যসূচীয়ে সংকটৰ সময়ত তেজৰ প্ৰয়োজন হোৱা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হয় বুলি প্ৰকাশ কৰে উদ্যোক্তাসকলে ।