ETV Bharat / state

ডিফুত ৰহস্যজনকভাৱে মৃত্যু এগৰাকী মহিলাৰ

author img

By

Published : Jan 23, 2021, 8:44 PM IST

ডিফুত এগৰাকী মহিলাৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

WOMAN SUICIDE AT DIPHU
ডিফুত ৰহস্যজনকভাৱে মৃত্যু এগৰাকী মহিলাৰ

ডিফু, ২৩ জানুৱাৰী: ডিফুত এগৰাকী মহিলাৰ চীপলৈ আত্মহত্যা কৰাৰ ঘটনাই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটো ৷ সম্পূৰ্ণ ঘটনাটো আৰক্ষীক অৱগত নকৰাকৈ দুটা পৰিয়ালৰ বুজাবুজিৰে মহিলাগৰাকীৰ শৱদেহ অন্তোষ্টিক্ৰিয়া সমাপন কৰাৰ কথা আছিল যদিও সামাজিক মাধ্যমত মহিলা গৰাকীৰ মৃতদেহৰ ফটো ভাইৰেল হৈ পৰাৰ পিছতে ঘটনাটো পোহৰলৈ আহে ৷

আজি পুৱাৰ ভাগত উক্ত ঘটনাৰ খবৰ লাভ কৰি ডিফু থানাৰ আৰক্ষী বিষয়া চিৰাজ ইংতি, উপ পৰিদৰ্শক অচ্যুত নাথে লামডিং পথৰ বালিৰাম তেৰাং গাঁৱলৈ গৈ কলম চিং তিচ'ৰ ঘৰৰ পৰা দণ্ডাধীশ ৰাজেছন টেৰণৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰে ৷ মৃতদেহটো উদ্ধাৰ কৰি ডিফু চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে মৃত মহিলা গৰাকীৰ স্বামী ৰকি টিচ'ক আটক কৰি থানালৈ লৈ যায় ৷

আনহাতে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি মৃত ৰ'দালি বেপী চাৰিমাহ পূৰ্বে বালিৰাম তেৰাং গাঁৱৰ নিবাসী কলম টিচ'ৰ পুত্ৰ ৰকি টিচৱে পলুৱাই আনিছিল ৷ তেতিয়াৰে পৰা ৰকি টিচৰ ঘৰতে বসবাস কৰি আছিল বুলি জানিবলৈ পোৱা গৈছে ৷ ইফালে আৰক্ষীৰ তদন্তৰ অন্ততহে ঘটনাটোৰ প্ৰকৃত ৰহস্য ওলাই পৰিব ৷

লগতে পঢ়ক-কা' বাতিলৰ দাবীত নগাঁৱত আছুৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.