ETV Bharat / state

কাৰ্বি আংলং-নাগালেণ্ড সীমান্তঞ্চলত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ - TWO PERSON WITH GANJA

কাৰ্বি আংলং-নাগালেণ্ড সীমান্তঞ্চলত অসম আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ গাঞ্জাসহ দুজন সৰবৰাহকাৰীক আটক কৰে ৷ গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবা লক্ষ্যাধিক টকা হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷

পুনৰ কাৰ্বি আংলং-নাগালেণ্ড সীমান্তঞ্চলত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ

author img

By

Published : Apr 14, 2021, 11:12 AM IST

ডিফু, ১৪ এপ্ৰিল : অসম আৰক্ষীয়ে কাৰ্বি আংলং-নাগালেণ্ড সীমান্তঞ্চলত অভিযান চলাই বৃহৎ পৰিমানৰ গাঞ্জা সহ দুজন সৰবৰাহকাৰীক আটক কৰে ৷ গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবা লক্ষ্যাধিক টকা হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷

কাৰ্বি আংলং-নাগালেণ্ড সীমান্তঞ্চলত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ

প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে সন্ধিয়া বোকাজান মহকুমাৰ খটখটীত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস নেতৃত্বত খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্ম আৰু সহকাৰী উপ- আৰক্ষী পৰিদৰ্শক মৃদুল পালৰ সহযোগত নাকা তালাচী অভিযান চলায়। উক্ত নাকা তালাচীত সন্ধিয়া পৰত AS-01-FC-3711 নম্বৰৰ ডিমাপুৰৰ পৰা আহি থকা এখন ট্ৰাকৰ পৰা ৬ কুইণ্টেল গাঞ্জাসহ পাঞ্জাবৰ ৰঞ্জিত সিং( ৪৫) আৰু বোকাজান থানাৰ অন্তৰ্গত ফুলবাৰীৰ আব্দুল মুতালিব (২৪) নামৰ দুটা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, জব্দকৃত গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৬০ পৰা ৮০ লাখ টকা হ'ব বুলি আৰক্ষী সুত্ৰই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: গৰু বিহু পালন কৰিলে বিধায়ক মৃণাল শইকীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.