ETV Bharat / state

খটখটীত আৰক্ষীৰ জালত নাগালেণ্ডৰ অস্ত্ৰ সৰবৰাহকাৰী - খটখটীত আৰক্ষীৰ জালত নাগালেণ্ডৰ অস্ত্ৰ সৰবৰাহকাৰী

আৰক্ষীৰ জালত অস্ত্ৰ-শস্ত্ৰ সৰবৰাহকাৰী ৷ লগতে উদ্ধাৰ বহুখিনি অস্ত্ৰ-শস্ত্ৰ ৷

উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ
আৰক্ষীৰ জালত অস্ত্ৰ সৰবৰাহকাৰী
author img

By

Published : Mar 23, 2020, 11:02 PM IST

খটখটী, 23 মাৰ্চ : কৰ'ণাৰ ভয়াৱহতাৰ মাজতে দুষ্ট চক্ৰই অব্যাহত ৰাখিছে নিজৰ কাৰ্যকলাপ ৷ ডিফুৰ বোকাজান আৰক্ষীয়ে মহকুমাটোৰ পুৰণা লাহৰিজানত অস্ত্ৰ-শস্ত্ৰসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷

আৰক্ষীৰ জালত অস্ত্ৰ সৰবৰাহকাৰী

প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে পুৱা প্ৰায় 9 বজাত অসম-নাগালেণ্ড সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানত এজন সৰবৰাহকাৰীৰ খবৰ লাভ কৰে ৷ মহকুমাটোৰ নৱ-নিযুক্ত মহকুমা আৰক্ষী বিষয়া জন দাসে গোপন সূত্ৰে এই তথ্য লাভ কৰাৰ পাচতে অভিযান চলাই সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ জালত অস্ত্ৰ-শস্ত্ৰ সৰবৰাহকাৰী
উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

অভিযানকাৰী দলটোৱে নাকা তালাচীৰ সময়ত এএছ-05-ই-5035 নম্বৰৰ এখন ইঅ'ন গাড়ীসহ ডিমাপুৰৰ ঝুলামি (Dzulhami) গাঁৱৰ বাসিন্দা খ্ৰুপতা মছেইক আটক কৰাৰ লগতে তেওঁৰ পৰা এটা পইণ্ট 22 ৰাইফল, এটা মেগজিনসহ 4 জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে কৰা প্ৰাৰম্ভিক সোধপোচত ধৃত খ্ৰুবতাই ৰাইফলটো ডিমাপুৰৰ পৰা অসমলৈ বিক্ৰীৰ উদ্দেশ্যে লৈ আহিছিল বুলি জানিবলৈ দিয়ে ৷ খটখটী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, বৰপথাৰ চাৰ্কলৰ আৰক্ষী বিষয়া ভূপেন কলিতা আৰু খটখটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্মও এই অভিযানত উপস্থিত আছিল ৷

আৰক্ষীৰ জালত অস্ত্ৰ সৰবৰাহকাৰী
লগতে উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

আৰু পঢ়ক : জটিল সময়ত ৰাজ্যবাসীক সকাহ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.