ETV Bharat / state

Four lane in Karbi Anglong: চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনিয়মৰ অভিযোগ

author img

By

Published : Nov 4, 2022, 5:01 PM IST

কাৰ্বি আংলঙৰ শিলভেটা বনাঞ্চলৰ মাজেৰে 29 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত কেতবোৰ অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ (Four lane construction in Karbi Anglong) ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত ডিফু ক্লাৱত নাগৰিক সুৰক্ষা মঞ্চ কাৰ্বি আংলঙে এক সংবাদমেলৰ আয়োজন কৰে ৷

Four lane in Karbi Anglong
Four lane in Karbi Anglong

ডিফু, 4 নৱেম্বৰ: কাৰ্বি আংলঙত নিৰ্মিয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত কেতবোৰ অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ (Four lane construction in Karbi Anglong) তুলি বৃহস্পতিবাৰে দুপৰীয়া ডিফু ক্লাৱত নাগৰিক সুৰক্ষা মঞ্চ কাৰ্বি আংলঙে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি মহাজন ক্ৰ'ই কয় যে, কাৰ্বি আংলঙৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ বহলকৰণৰ নামত ব্যাপক খেলিমেলি আৰু অনিয়ম হৈছে ৷ নাগৰিক সুৰক্ষা মঞ্চই জাগ্ৰত প্ৰহৰীৰ দৰে এই অনিয়ম পৰ্যৱেক্ষণ কৰি আহিছে (Allegation of corruption in Four lane construction) ৷

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনিয়মৰ অভিযোগ

সভাপতিগৰাকীয়ে কয় যে, অসম চৰকাৰৰ গেজেট ন'টিফিকেশ্বনত কাৰ্বি আংলঙৰ শিলভেটা বনাঞ্চলৰ মাজেৰে 29 নং ৰাষ্ট্ৰীয় ঘাইপথ বহলকৰণৰ (Expansion of national highway 29) প্ৰস্তাৱিত ভূমি বনাঞ্চলৰ অন্তৰ্ভুক্ত বুলি উল্লেখ আছে ৷ কাৰ্বি আংলং লেণ্ড এক্যুইজেছন অথৰিটিৰ চমুকৈ 'কালা'ৰ প্ৰতিবেদন অনুসৰি গেজেট অৱ ইণ্ডিয়াৰ 103 ক্ৰমিক নং নিৰ্দেশত উক্ত অঞ্চলৰ ভূমি খালী ভূমি অৰ্থাৎ গৰাকীবিহীন ভূমি ৷

তৃতীয়তে, লংনিট কয়লাৰী এলেকাত পট্টাদাৰ নামত উক্ত ভূমি অন্তৰ্ভুক্ত আছে যদি কিয় আজিলৈকে পথৰ নিৰ্মাণ কাম আৰম্ভ হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে মহাজন ক্ৰ'ই ৷ আনহাতে, কোনজন মণ্ডলৰ পৰ্যৱেক্ষণত উক্ত ভূমি গৰাকীবিহীন বুলি 'কালা' প্ৰতিবেদন যুগুত কৰি দিছিল বুলি প্ৰশ্ন উত্থাপন কৰে নাগৰিক সুৰক্ষা মঞ্চই ৷ সেয়ে উচিত তদন্ত কৰি মণ্ডল গৰাকীক উপযুক্ত আইনত শাস্তিৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰে সভাপতি গৰাকীয়ে ৷

উক্ত অঞ্চলৰ পট্টাদাৰ সকলক ভূমি অধিগ্ৰহণৰ নামত উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায় (Compensation for land acquisition) ৷ ভূমি ক্ষতিপূৰণৰ বাবে আৱণ্টিত ধন বেংকত জমা ৰখাৰ ফলত যি হাৰত সূত বৃদ্ধি পাইছে সেই বৰ্দ্ধিত হাৰত হিতাধিকাৰীক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে নাগৰিক সুৰক্ষা মঞ্চই ৷ 2020 চনত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সচিব পৰ্যায়ৰ প্ৰতিবেদনত (KAAC report on Highway construction) কোৱা হৈছে যে, চাৰিলেনযুক্ত 29 নং ৰাষ্ট্ৰীয় ঘাই পথৰ মধ্য বিন্দুৰ পৰা দুয়োকাষে 50 ফুট ভূমি সংৰক্ষিত ৷ তাত কোনো আপত্তি নাই যদিও ইয়াৰ বাহিৰে থকা ভূমি হিতাধিকাৰীক ঘূৰাই দিব লাগে বুলি দাবী কৰে ৷

আনহাতে, জৰলেপ টেৰণ গাঁৱৰ কমিনিউটি ফিছাৰি সন্দৰ্ভত (Community fishery in Karbi Anglong) গাঁওবাসীৰ লগতে ফিছাৰি কমিটিয়ে বিভাগীয় কাৰ্যালয়ৰ জৰিয়তে জানিব পাৰিলে যে, উক্ত ফিছাৰীখন জনৈক জিৰচেং তেৰাঙৰ নামত পট্টা আছে ৷ ই কেনেকৈ সম্ভৱ হ’ল বুলি গাঁওবাসীয়ে বিভাগীয় কাৰ্যবাহী সদস্যক দৰ্খাস্ত দি আজি পৰ্যন্ত একো সুবিচাৰ নাপালে বুলি আক্ষেপ কৰে সভাপতিজনে ৷

ইপিনে মণ্ডল এলবাৰ্ট টেৰণৰ প্ৰতিবেদন মতে, আমলকি ব্লক নং 2 ত পট্টা নং 3 আৰু দাগ নং 37 ত উক্ত ভূমি জিৰচং টেৰাঙৰ নামত সন্নিৱিষ্ট হৈ আছে ৷ কিন্তু আচৰ্যৰ বিষয় যে 3 জি প্ৰতিবেদনত উক্ত ভূমিত 37 দাগ নম্বৰেই নাই আৰু ফিছাৰিৰ অস্তিত্বও নাই ৷ ই কেনেকৈ সম্ভৱ হ’ল বুলি সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে মহাজন ক্ৰ'ই ৷

ইয়াৰো উচিত তদন্ত হব লাগে বুলি দাবী কৰে নেতা গৰাকীয়ে ৷ 29 নং ৰাষ্ট্ৰীয়ঘাইপথৰ বহলকৰণৰ ভূমি অধিগ্ৰহণৰ নামত 'কালা'ৰ নামত 31 জুলাই 2022 লৈকৈ 444 কোটি 96 লাখ টকা জমা হৈছে বুলি মন্তব্য কৰিছে মহাজন ক্ৰ’ই ৷ গতিকে উক্ত ধনেৰে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম আৰম্ভ হ’ব লাগে আৰু হিতাধিকাৰীক উপযুক্ত ক্ষতিপূৰণ আৰু পুনঃসংস্থাপন দিব লাগে বুলি দাবী জনায় ৷

আনহাতে, ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ঘাই পথ শীঘ্ৰে নিৰ্মাণ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতায়তৰ ব্যৱস্থা সুগম কৰি তুলিবলৈ দাবী জনায় নাগৰিক সুৰক্ষা মঞ্চৰ শীৰ্ষ নেতা মহাজন ক্ৰ'ই ৷

লগতে পঢ়ক: Protest demanding road construction: কোকৰাঝাৰত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.