ডিফু, ২৩ এপ্ৰিল: ডিফু চহৰত পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি (Family clash turn into horror) ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিব তথা পৰিষদৰ প্ৰভাৱশালী আমোলা মুকুল কাথাৰৰ পাৰিবাৰিক সংঘাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে (ACS officer assaulted wife) ৷ পাৰিবাৰিক সংঘাত গৈ আইনৰ মেৰপেছত পৰাৰ বাবে ই অধিক ৰহস্যঘন হৈ পৰিছে ৷
উল্লেখ্য যে, বৰ্তমান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সচিব ৰূপে কৰ্মৰত হৈ থকাৰ উপৰিও পৰিষদৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বতো আছে মুকুল কাথাৰ (ACS officer assaulted women) ৷ শনিবাৰে সন্ধিয়া প্ৰায় ৬.২০ বজাত পত্নীক বিচাৰি আহি কাথাৰে পত্নীৰ ভগ্নীক মাৰপিট কৰাৰ লগতে পত্নীৰ মাতৃ গৃহৰ সন্মুখত কেইবা জাঁই গুলী ফুটোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷
তাৰ পিচতেই দেওবাৰে মুকুলৰ পত্নীৰ পৰিয়ালে শনিবাৰে শহুৰৰ ঘৰলৈ আহি পত্নীৰ মূৰত পিষ্টল লগাই ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ শনিবাৰে নিশাই ডিফু থানাত মুকুল কাথাৰে পত্নীক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত পত্নীৰ বায়েকে এখন দাখিল কৰিছিল ৷ আজি দুপৰীয়া পুনৰ পৰিয়ালটোৱে ডিফু থানাত হাজিৰ হৈ শূন্যলৈ চলোৱা গুলীৰ খালী কাৰ্টিজ আৰু শনিবাৰে মাৰপিট কৰা ভিডিঅ’ ফুটেজ থানাত দাখিল কৰে (Allegation against ASC officer harrash wife) ৷ অৱশ্যে বৰ্তমানলৈ আৰক্ষীয়ে মুকুল কাথাৰৰ বিৰুদ্ধে কোনোধৰণৰ ব্য়ৱস্থা গ্ৰহণ কৰা নাই ৷
লগতে পঢ়ক: Bat preserve at Dhakuakhana: এজাক বাদুলী আৰু দুজন ভাতৃৰ 20 বছৰীয়া প্ৰকৃতি প্ৰেমৰ এক অনন্য কাহিনী
ইফালে শনিবাৰে মুকুল কাথাৰৰ পত্নীৰ ভগ্নীয়ে জনোৱা অনুসৰি তেওঁলোকে ফুৰিবলৈ যোৱা গাড়ীৰ দৰ্জা খুলি মুকুলে তেওঁক আক্ৰমণ কৰে ৷ তেওঁৰ পত্নীৰ সন্ধান বিচাৰি পত্নীৰ ভগ্নীৰ ওপৰত হাত উঠাই মুকুলে ৷ কেৱল ইয়াতে ক্ষান্ত নাথাকি মুকুলে পত্নীৰ গৃহলৈ আহি পত্নীৰ পৰিয়ালকো ভয় ভাবুকি দিয়াৰ লগতে গুলী চলাই সন্ত্ৰাসৰ সৃষ্টি কৰে ৷