ডিফু, ৯ ফেব্ৰুৱাৰী: পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পিতৃপুৰুষ জন নায়ক প্ৰয়াত ছেমছনছিং ইংতিৰ ১১১ সংখ্যক জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে পদ্মশ্ৰী ৰংবং তেৰাঙক বিশেষভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ বিশিষ্ট সাহিত্যিক গৰাকীৰ নিজৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰ সংগঠনটোৰ বিষয় ববীয়াসকলে তেওঁক সম্বৰ্দ্ধনা জনায় । ইফালে এগৰাকী জাতীয়তাবাদী ব্যক্তি হিচাপে সোঁতৰ বিপৰীতে উজাই আত্ম প্ৰচাৰক একাষৰীয়া কৰি সাহিত্য চৰ্চাৰ জৰিয়তে নিৰন্তৰে সমাজখনৰ উন্নয়নৰ হকে কাম কৰি অকলেই এক সুকীয়া পৰিচয় ল'বলৈ সক্ষম হোৱা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙক সম্বৰ্দ্ধনা জনাবলৈ পাই যথেষ্ঠ সুখী বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷
সংগঠনটোৱে বিশিষ্ট সাহিত্যিক গৰাকীক এখন চেলেং চাদৰ, গামোছা, এখন সঁফুৰা, এটা গঁড়ৰ প্ৰতীক আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্দ্ধনা অনুষ্ঠানত ছাত্ৰ সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন, উপদেষ্টা হৰেণ ইংতি, সম্পাদক অপূৰ্ব দাসৰ লগতে ডিফু আঞ্চলিকৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷ সংগঠনটোৰ পৰা এনেদৰে সম্বৰ্দ্ধনা লাভ কৰি জিলাখনৰ বিশিষ্ঠ সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙে যথেষ্ট আনন্দ প্ৰকাশ কৰাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক আগন্তুক দিনৰ বাবে শুভকামনা জনায় ৷
লগতে পঢ়ক:শদিয়াত 9 টাকৈ অসুস্থ শগুণ উদ্ধাৰ