ETV Bharat / state

ধনশিৰি নৈত যুৱকৰ সলিল সমাধি

author img

By

Published : Oct 4, 2019, 7:53 PM IST

কাৰ্বি আংলঙৰ বোকাজানৰ ধনশিৰি নৈত যুৱকৰ সলিল সমাধি ৷ যুৱকজন লক্ষীমপুৰৰ অমৃত পাল সিং বুলি জানিব পৰা গৈছে ।

ধনশিৰি নৈত যুৱকৰ সলিল সমাধি

কাৰ্বি আংলং, 4 অক্টোবৰঃ কাৰ্বি আংলঙৰ বোকাজানৰ ধনশিৰি নৈত যুৱকৰ সলিল সমাধি ৷ যুৱকজন লক্ষীমপুৰৰ অমৃত পাল সিং বুলি জানিব পৰা গৈছে । ধনশিৰি নৈত ভৰি ধুবলৈ গৈ পিছলি পৰা বান্ধৱী এগৰাকীক ৰক্ষা কৰিবলৈ যাঁওতেই অমৃতৰ লগত সংঘটিত হয় অঘটনটো ৷ ঘটনাস্থলীত উপস্থিত থকা আন কেইগৰাকীমান যুৱতীয়ে সহায়ৰ বাবে চিঞৰাত কাষতে খেতি পথাৰত কাম কৰি থকা এজন যুৱকে আহি নৈত জাঁপ দি যুৱতীগৰাকীক ৰক্ষা কৰে যদিও দুৰ্ভাগ্যবশতঃ যুৱকজনক ৰক্ষা কৰিবলৈ সক্ষম নহল ৷ গোলাঘাটৰ পৰা অহা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ আৰু স্থানীয় ৰাইজে সন্ধান অভিযান চলাই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

Intro:Slug :Lakhimpur youth drowned in River Dhansiri @ Bokajan

Anchor :বোকাজানৰ সৰিয়হজানত ধনশিৰি নৈত সন্ধানহীন যুৱক। সন্ধানহীন যুৱক জন লক্ষীমপুৰৰ অমৃত পাল সিং বুলি জানিব পৰা গৈছে ।

VO: যুৱক জন বোকাজানৰ বান্ধৱীৰ ঘৰলৈ কিছুদিন পূৰ্বে ফুৰিবলৈ আহিছিল বুলি জানিব পৰা গৈছে । যোৱা কালি সন্ধিয়া যুৱক জনে তেওঁৰ ৪ গৰাকী বান্ধৱীৰ সৈতে বোকাজানৰ সৰীয়হজানস্থিত ধনশিৰী নৈৰ পাৰত ফুৰিবলৈ গৈছিল । তাতেই ঘটিল অঘটন । এগৰাকী বান্ধৱী ধনশিৰীত ভৰি ধুবলৈ যাওঁতে পিছল খাই নৈত পৰি নৈৰ সোঁতত উটি গৈছিল আৰু বান্ধৱী জনীক ৰক্ষাৰ উদ্দেশ্যে যুৱক জন নৈত জাপ দিছিল কিন্তু দুয়ো নৈৰ সোঁতত ডুব যোৱা দেখি নৈৰ পাৰত থকা আন ৩ গৰাকী যুৱতীয়ে সহায়ৰ বাবে হুলস্থুল কৰে । হুলস্থুল শুনি কাষতে খেতি পথাৰত কাম কৰি থকা এজন যুৱকে আহি নৈত জাপ দি উটি যোৱা যুৱতী গৰাকীক হাতত ধৰি তুলি আনিবলৈ সফল হয় যদিও যুৱক জন সম্পূৰ্ণ ৰূপে ডুব যোৱাৰ ফলত অদৃশ্য হৈ পৰে আৰু অপ্ৰাণ চেষ্টাৰ পিছতো যুৱক জনক ৰক্ষা কৰিবলৈ সক্ষম নহল স্থানীয় যুৱক জন ।

VO: আজি পুৱা ১১ বজাৰ পৰাই গোলাঘাটৰ পৰা অহা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ(sdrf) আৰু স্থানীয় ৰাইজে যুৱক জনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । অৱশেষত আবেলি ভাগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱক জনৰ মৃতদেহ । আৰু এই ঘটনাই সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পেলাইছে ।

Byte : OC BOKAJAN
: উটি যোৱা যুৱতীBody:।Conclusion:।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.