হোজাই, ৩ জুন : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত শুকুৰবাৰে খেৰণি সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । কোভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টূপীয়াকৈ অনুষ্ঠিত কৰে সন্থাটোৰ ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱস।

প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী হিচাপে সন্থাৰ কাৰ্যকৰী সভাপতি বীৰেন ইংহিয়ে পতাকা উত্তোলন কৰাৰ লগতে কাৰ্যকৰী সম্পাদক কনক দেউৰীয়ে আঁত ধৰা দ্বিতীয় কাৰ্যসূচীত শ্বহীদ আৰু প্ৰয়াত নিৰ্ভীক সাংবাদিক সকলক সুঁৱৰি শ্বহীদবেদীত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্জ্বলন কৰা হয় । ইয়াৰ পাচতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কৰ'ণা সজাগতাৰ সভা আয়োজনেৰে বৃহত্তৰ অঞ্চলবাসীক কৰ'ণাক লৈ সতৰ্ক আৰু সজাগ হোৱাৰ আহ্বান জনায় । উক্ত অনুষ্ঠানত অংশ গ্ৰহণ কৰা খেৰণি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এন্থনী ৰংপি প্ৰমুখ্যে শিক্ষক ভৰত চাহুয়েও কৰ'ণা ভাইৰাছ আৰু সংক্ৰমণ আদি সম্পৰ্কে ৰাইজক অৱগত কৰে ।

গুৰুত্বপূৰ্ণ বিষয় যে, আজিৰ অনুষ্ঠানৰ যোগেদিয়েই খেৰণি সাংবাদিক সন্থাৰ পৰিচালনা সমিতিৰ পদবীৰ সাল-সলনি কৰি ক্ৰমে অলক বৰ্মন বৰবৰাক সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে উপ সভাপতি হিচাপে জয়ৰাম কথাৰ, সাধাৰণ সম্পাদক ৰেনছিং টেৰণ, সহ সাধাৰণ সম্পাদক সন্তোষ যাদৱ আৰু কাৰ্যালয় সম্পাদক হিচাপে সঞ্জয় সিংক দায়িত্ব অৰ্পণ কৰা হয় । ইয়াৰ পাচতে খেৰণি সাংবাদিক সন্থাৰ পৰিচালনা সমিতিত উপদেষ্টা হিচাপে থকা বাবুচনা বৰবৰা, সনৎ বৰুৱা, ৰামছিং ফাংছ, ধনেশ্বৰ বৈশ্য, ৰুদ্ৰেশ্বৰ বকলিয়ালক ঘৰে ঘৰে গৈ কাৰ্বি মাফলাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মাক্স, চাবোন, চেনিটাইজাৰ আদি যাৱতীয় সামগ্ৰীৰ উপহাৰেৰে শ্ৰদ্ধা জ্ঞাপন কৰে সন্থাটোৰ সদস্যবৃন্দই ।

ইয়াৰ উপৰিও, বয়সে শতকৰ ঘৰ অতিক্ৰম কৰা বয়োজ্যেষ্ঠ স্থানীয় নাগৰিক চাৰবুঢ়া ৰংপিকো কাৰ্বি মাফলাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মাক্স, চাবোন, চেনিটাইজাৰ আদি যাৱতীয় সামগ্ৰীৰ উপহাৰেৰে শ্ৰদ্ধা জ্ঞাপন কৰে । উল্লেখযোগ্য যে, কোভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ষাঠি উৰ্ধৰ বয়স হোৱাৰ বাবে এইসকল ব্যক্তিক এইদৰে ঘৰে ঘৰে গৈ সম্বৰ্ধনা আৰু শ্ৰদ্ধা জ্ঞাপন কৰে সন্থাটোৱে ।
লগতে পঢ়ক : নতুন ভূমি নীতি : সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ডিফুত আছুৰ প্ৰতিবাদ