ডিফু, 24 জুলাইঃ কাৰ্বি আংলং আৰক্ষীৰ জালত মণিপুৰৰ এটা গাড়ী চুৰি চক্ৰ ৷ দেশৰ বিভিন্ন প্রান্তৰ পৰা কৌশলেৰে চুৰি কৰি অনা বাহনসমূহ অসমৰ মাজেৰে চুবুৰীয়া ৰাজ্যলৈ সৰবৰাহ কৰা বৃহৎ গাড়ী চুৰি চক্রৰ বিৰুদ্ধে কার্বি আংলং জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। শেহতীয়াকৈ ভালেসংখ্যক চুৰি বাহনসহ কেইবাটাও দুধৰ্ষ গাড়ীচোৰ মাঞ্জা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হােৱাৰ সময়তে বৃহস্পতিবাৰৰ পৰা চলােৱা এক বিশেষ অভিযানত পুনৰ এক বৃহৎ গাড়ী চোৰৰ দল আৰক্ষীৰ জালত পৰে ৷ গাড়ী চোৰৰ দলটোৰ পৰা আৰক্ষীয়ে চাৰিখনকৈ বিলাসী বাহন উদ্ধাৰ কৰে।
লগতে পঢ়কঃ বিশেষভাবে সক্ষম শিশুক আৰক্ষীৰ প্ৰহাৰৰ বাবে দুখ প্ৰকাশ ডিজিপিৰ
বৃহস্পতিবাৰে ধনশিৰি থানাৰ আৰক্ষীয়ে তালাচী চলাই এখন চুৰি স্কৰপিঅ' আৰু এখন চুৰি বেলেন' জব্দ কৰিবলৈ সক্ষম হয়। বাহন
উক্ত অভিযানত ধৰমতুল থানাৰ সমীপতে এখন মণিপুৰী ধাবাত আহাৰ গ্রহণ কৰি থকা অৱস্থাত দুখন বাহন জব্দ কৰে । গাড়ীচোৰ চক্রৰ বিৰুদ্ধে বৃহস্পতিবাৰে চলােৱা উক্ত অভিযানত আৰক্ষীয়ে মুঠ চাৰিখনকৈ বাহন জব্দ কৰাৰ লগতে চাৰিটাকে দুৰ্ধৰ্ষ গাড়ীচোৰকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত গাড়ীচোৰ কেইটা ক্রমে মণিপুৰৰ ইম্ফলৰ ইগংগ সিং (৩৫), ৰাই ৰৌশন সিং ওৰফে অ্জুন (৩৩), ৰজিকান্তা সিং (৩৩) আৰু থৌবাল জিলাৰ ৱাইখম টম্বা সিং বুলি চিনাক্ত কৰা হৈছে। আজি ধৃত চোৰ কেইটাক ডিফু আদালতত হাজিৰ কৰাৰ পূৰ্বে ডিফু চিকিৎসা মহাবিদ্যালয় কৰ'ণাৰ বাবে স্বাৱ টেষ্ট কৰা হয় ৷