ETV Bharat / state

ডিফুত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আন্তৰ্জাতিক মল্লযুঁজ প্ৰতিযোগিতা

ডিফুত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক মল্লযুঁজ ৷ এই মল্লযুজঁত হাৰিয়াণাৰ প্ৰদীপ সিঙক পৰাজিত কৰি বিজয়ীৰ খিতাপ লাভ কৰে পঞ্জাৱৰ বগ্গা সিঙে ৷

author img

By

Published : Mar 21, 2021, 12:33 PM IST

ডিফুত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত আন্তৰ্জাতিক মল্লযুঁজ প্ৰতিযোগিতা

ডিফু, 21 মাৰ্চ: শনিবাৰে কাৰ্বি আংলং জিলাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় আন্তৰ্জাতিক পৰ্যায়ৰ মল্লযুঁজ ৷ কাৰ্বি আংলং জিলাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আন্তৰ্জাতিক পৰ্যায়ৰ মল্লযুঁজ ৷ কাৰ্বি আংলং জিলা কুস্তি দংগল টুৰ্ণামেণ্টৰ উদ্যোগত ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ প্ৰাংগনত অনুষ্ঠিত হয় আন্তৰ্জাতিক পেচাদাৰী মল্লযুঁজ প্ৰতিযোগিতা ৷

পোন প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং জিলাত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিহাৰ, নেপাল, উত্তৰ প্ৰদেশ, ৰাজস্থান, পাঞ্জাৱ ভূটান আৰু অসমৰ কাৰ্বি আংলঙৰ প্ৰতিযোগী সকলে অংশ গ্ৰহণ কৰে ৷ উল্লেখ্য যে, কাৰ্বি আংলঙৰ হৈ এডৱিন ডেৰায়ো তীব্ৰ প্ৰতিদ্বন্দিতাৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

এই মল্লযুঁজৰ চূড়ান্ত খেলখন পঞ্জাৱৰ বগ্গা সিঙ আৰু হাৰিয়াণাৰ প্ৰদীপ সিঙৰ মাজত অনুষ্ঠিত হয় ৷ দুয়োৰে মাজত হোৱা তুমুল প্ৰতিদ্বন্দিতাৰ পিছত পঞ্জাৱৰ বগ্গা সিঙৰ হাতত হাৰিয়াণাৰ প্ৰদীপ সিঙে পৰাজয় বৰণ কৰে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং কুস্তি দংগল টুৰ্ণামেণ্টৰ অধ্যক্ষ আগষ্টিন ক্ৰামছাই কয় যে, কাৰ্বি আংলং জিলাৰ মল্লবীৰ এডৱিন ডেৰাৰ বীৰত্বক অধিক অনুপ্ৰাণিত কৰাৰ লগতে কাৰ্বি আংলঙ জিলাত মল্লযুঁজক জনপ্ৰিয় কৰিবলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷ আনহাতে এই প্ৰতিযোগিতাত উপস্থিত থকা অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন কুমাৰ দাসে বিজয়ী আৰু বিজেতাক পদক, মানপত্ৰ আৰু নগদ ধনেৰে পুৰষ্কৃত কৰে ৷

লগতে পঢ়ক: আত্মসহায়ক গোটক লৈ সজাগতা সভা বিশ্বনাথ জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.