হাজো, 20 ডিচেম্বৰঃ তীৰ্থনগৰী হাজোৰ বৰম্বৈত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জুবিন গাৰ্গৰ লগতে হাজোৰ শিল্পী সমাজৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গনতান্ত্ৰিক প্ৰতিবাদী সভাত অংশ গ্ৰহণ কৰি জুবিন গাৰ্গৰ চৰকাৰলৈ বিশেষ আহ্বান ৷ জুবিন গাৰ্গৰ আহ্বান শীঘ্ৰেই মুকলি কৰি দিব লাগে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক ৷ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে তৃতীয় বিকল্প দল গঠন কৰি অসমীয়া ৰাইজৰ আৱেগ-অনুভূতিক সন্মান জনাই প্ৰতিবাদী সত্তাক জীয়াই ৰখাৰ পোষকতা কৰে।
লগতে পঢ়কঃপুত্ৰৰ মুক্তিৰ দাবীত সংগ্ৰামী নেতা অখিল গগৈৰ মাতৃৰ অনশন