ETV Bharat / state

দীপৰ বিলত বিশ্ব জলাশয় দিৱস উদযাপন

মহানগৰীৰ সমীপতে থকা দীপৰ বিলত বিশ্ব জলাশয় দিৱস পালন । দীপৰ বিল পাঁচপাৰা সমবায় সমিতিৰ উদ্যোগত জলাশয় দিৱস উদযাপন কৰা হয় । বিশ্ব জলাশয় দিৱসৰ লগত সংগতি ৰাখি দীপৰ বিলৰ চৌপাশ পৰিষ্কাৰ কৰা আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে দীপৰ বিল পাঁচপাৰা সমবায় সমিতিয়ে ।

author img

By

Published : Feb 2, 2021, 7:50 PM IST

দীপৰ বিলত বিশ্ব জলাশয় দিৱস উদযাপন
দীপৰ বিলত বিশ্ব জলাশয় দিৱস উদযাপন

দক্ষিণ কামৰূপ, ২ ফেব্ৰুৱাৰী: সমগ্ৰ বিশ্বতে মঙলবাৰে পালন কৰা হ'ল বিশ্ব জলাশয় দিৱস । প্ৰকৃতিৰ ৰম্যভূমি তথা পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী কামৰূপৰ দীপৰ বিলতো বিশ্ব জলাশয় দিৱস উদযাপন কৰা হয় । দীপৰ বিল পাঁচপাৰা সমবায় সমিতিৰ উদ্যোগত বিশ্ব জলাশয় দিৱস উপলক্ষে কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয় । দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰা মাছমৰীয়াসকলে লগ হৈ দীপৰ বিলৰ পাৰৰ লগতে বিলৰ পানীও চাফ-চিকুন কৰে ।

দীপৰ বিলত বিশ্ব জলাশয় দিৱস উদযাপন

লগতে দীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে অৱহেলা কৰি থকাৰ অভিযোগ তুলি চৰকাৰক সমলোচনা কৰে । শীঘ্ৰে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে উপস্থিত লোকসকলে । মৰা ভৰলু, দাম্পিং গ্ৰাউণ্ড আদিৰ আৱৰ্জনাসমূহ দীপৰ বিলত পেলোৱাৰ বাবে চৰকাৰক তীব্ৰ সমলোচনা কৰে । বিশ্ব জলাশয় দিৱসৰ লগত সংগতি ৰাখি দীপৰ বিল পাঁচপাৰা সমবায় সমিতিৰ উদ্যোগত বিলৰ পাৰত বৃক্ষৰোপণো কৰা হয় ।

লগতে পঢ়ক:শিৱসাগৰৰ আমগুৰিত পথ দুৰ্ঘটনাত এজন কিশোৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.