ৰঙিয়া, 24 আগষ্ট : ৰঙিয়াৰ বৰদলৰ গোঁসাই শ'লমাৰীত বুধবাৰে বিশ্ব বেঙ্কৰ এটা প্ৰতিনিধি দল আহি উপস্থিত হয় ৷ বিশ্ব বেংকৰ প্ৰতিনিধিৰ দলটোৱে মূলতঃ বিশ্ব বেঙ্কৰ অৰ্থ সাহাৰ্য আৰু এপাৰ্টৰ পৰিচালনাত চলি থকা উত্তৰণ কৃষি উৎপাদন কোম্পানীৰ কাম-কাজৰ লগতে কোম্পানীটোৰ লগত জড়িত কৃষকসকলৰ কামৰ খতিয়ান লয়(Fish Seed Bank in Rangia) । বিশ্ব বেংকৰ উপাধ্যক্ষ মাৰ্টিন ৰেইজাৰ, সঞ্চালক ড৹ আগষ্টি ট'ন, বিশ্ব বেংকৰ জ্যেষ্ঠ কৃষি বিশেষজ্ঞ ড৹ এণ্ড্ৰিউ উপস্থিত হৈ আঠ হেক্টৰ মাটিকালিৰ মৎস্য উৎপাদন কৰা ফাৰ্ম এখন পৰিদৰ্শন কৰে । তেওঁলোকৰ লগত থাকে এপাৰ্টৰ সঞ্চালক সঞ্জয় শৰ্মা, এপাৰ্টৰ বিষয়া ধ্ৰুৱজ্যোতি শৰ্মা আৰু প্ৰবীণ ভড়ালী ৷
বিদেশী পৰিদৰ্শকসকল মৎস্য ফাৰ্মখনত উপস্থিত হোৱাৰ পিছত ফাৰ্মৰ মুখ্য কাৰ্যবাহী বিষয়া কুঞ্জল পাঠকে একোখনকৈ ফুলাম গামোচাৰে সকলোকে আদৰি আনে । পৰিদৰ্শনৰ সময়চোৱাত মৎস্য সমন্বয়ক ড৹ সঞ্জীৱ শৰ্মাই বিশ্ব বেঙ্কৰ বিষয়া সকলক মৎস্য ফাৰ্মখনৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে । দলটোৱে ফাৰ্মখন পৰিদৰ্শন কৰি কৃষক সকলক ভূয়সী প্ৰশংসা কৰাৰ লগতে মৎস্য পালন কৰা পুখুৰীৰ পাৰত কৃষকসকলে জৈৱিক পদ্ধতিৰে কৰা কাজি নেমু, কল গছ আৰু অমিতাৰ খেতি দেখি সন্তষ্টি প্ৰকাশ কৰে ।
বিশেষকৈ বিশ্ব বেঙ্কৰ উপ-সভাপতি মাৰ্টিন ৰেইজাৰ(World Bank Vice President Martin Raiser) আৰু সঞ্চালক ড৹ আগষ্টি ট'নে সমগ্ৰ বিশ্বৰ ভিতৰতে মূলতঃ অসমত উৎপাদন হোৱা কাজি নেমুৰ সোৱাদ আৰু সুগন্ধৰ প্ৰশংসা কৰে । ফাৰ্মখন পৰিদৰ্শনৰ অন্তত বিশ্ব বেঙ্কৰ প্ৰতিনিধিসকলে ফাৰ্মখনৰ লগত জড়িত কৃষকসকলৰ লগতে মহিলাসকলৰ লগতো মত বিনিময় কৰে ।
পৰিদৰ্শনৰ সময়চোৱাত বিশ্ব বেঙ্কৰ উপাধ্যক্ষ মাৰ্টিন ৰেইজাৰে কয় যে, অসমৰ মৎস্য পালকসকলে বছৰ বছৰ ধৰি নিজৰ লগতে স্থানীয় বজাৰৰ বাবে পৰম্পৰাগত পদ্ধতিৰে মাছ উৎপাদন কৰি আহিছে । কিন্তু মাছৰ বৃহত্তৰ বজাৰ দখল কৰিবলৈ হ’লে মৎস্য পালকসকলে মিন পালনৰ ক্ষেত্ৰত নতুন পদ্ধতি অৱলম্বন কৰিব লাগিব । সময়ৰ লগত আগুৱাই গৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উত্তৰণ কৃষি উৎপাদন কোম্পানীৰ এই বৃহৎ ফাৰ্মখনে বহুদূৰ আগুৱাই যাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে ।
মীন পালকসকলে যিকোনো সময়ত উন্নত মানদণ্ডৰ পোনা মাছ ইয়াত পাব বুলি আশা প্ৰকাশ কৰে বিশ্ব বেংকৰ কৰ্তৃপক্ষই । পৰিদৰ্শনৰ সময়চোৱাত বিশ্ব বেঙ্কৰ প্ৰতিনিধিসকলক ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাৱীৰ ৰাহুল সুৰেশ, কাৰ্যবাহী দণ্ডাধীশ অম্লানজ্যোতি বৈশ্য আৰু ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে সংগ দিয়ে ।
লগতে পঢ়ক: জ্যোতিপ্ৰসাদৰ বাসগৃহ পকী সংৰক্ষণৰ প্ৰস্তুতি আৰম্ভ