ETV Bharat / state

Matri pitri Vandana Scheme 2023: চৰকাৰৰ পদক্ষেপৰ প্ৰশংসাত পঞ্চমুখ চৰকাৰী কৰ্মচাৰী

author img

By

Published : Feb 8, 2023, 4:43 PM IST

ৰাজ্যজুৰি মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলক দুদিনৰ বিশেষ ছুটী প্ৰদান কৰা হৈছে ৷ এই ঘোষণাৰ পিচতে মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাজ্যিক কৰ্মচাৰীসকল(Matri pitri Vandana Scheme 2023) ৷

workers-reaction-on-2-days-leave-under-matri-pitri-bandana-scheme-2023
চৰকাৰৰ পদক্ষেপৰ প্ৰশংসাত পঞ্চমুখ চৰকাৰী কৰ্মচাৰী

ৰঙিয়া, 8 ফেব্ৰুৱাৰী: পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ উদ্দেশ্যে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে বিশেষ ছুটীৰ আৰম্ভ কৰিছে (Matri pitri Vandana Scheme 2023)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) কাৰ্য‍ভাৰ গ্ৰহণ কৰাৰ পিচৰ পৰাই "মাতৃ-পিতৃ বন্দনা" আঁচনিৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীসকলক প্ৰদান কৰা হৈছে এই বিশেষ ছুটী ।

এই আঁচনিখনৰ অধীনতেই অহা ৯ আৰু ১০ ফেব্ৰুৱাৰীত কৰ্মচাৰীসকলে নিজৰ পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰিবলৈ এই ছুটী প্ৰদান কৰা হৈছে ৷ এই বিশেষ দুটা দিনৰ ছুটীৰ পিচত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পুনৰ লাভ কৰিব আন দুটা দিনৰ ছুটী । ১১ আৰু ১২ ফেব্ৰুৱাৰীত চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব স্বাভাৱিক চৰকাৰী বন্ধ । ১১ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় শনিবাৰ আৰু ১২ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী কাৰ্যালয় বন্ধ থাকিব ।

অর্থাৎ অনাগত মুঠ চাৰিটা দিনৰ ছুটী লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে । সেয়েহে চাৰিদিনৰ ছুটী লৈ কৰ্মচাৰীসকল সাজু হৈছে নিজৰ ঘৰলৈ যাবলৈ । যিসকল কৰ্মচাৰীয়ে কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থাকে তেওঁলোকে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক শলাগ লৈছে ৷ চৰকাৰী কৰ্মচাৰীসকলে কোনোৱে যদি ৰে’লেৰে ঘৰলৈ যাব কোনোৱে আকৌ ৰাতিৰ বাছেৰে ঘৰলৈ ওভতি যাব । ঘৰলৈ গৈ মাতৃ-পিতৃৰ লগতে একেলগে কিছু সময় পাৰ কৰি এসাজ ভাত খোৱাৰ পৰিকল্পনাৰে সাজু হৈছে কৰ্মচাৰী সকল । সকলোৱে মৰমৰ ঘৰখনলৈ ওভতি গৈ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবলৈ উৎসাহী হৈ পৰিছে ।

আনহাতে বিদ্যালয়ৰ ক্ষেত্ৰত কিছু কিছু বিদ্যালয়ে ছাত্র-ছাত্ৰীসকলৰ পাঠদানৰ ক্ষেত্ৰত প্ৰভাৱ নপৰাকৈ শিক্ষকসকলে বুজাবুজিৰ মাজেৰে ছুটীসমুহ মিলাই লবলৈ ঠিৰাং কৰিছে বিদ্যালয়ৰ অধ্যক্ষসকলে (workers reaction on 2 days leave) । লগতে সকলোৱে চৰকাৰৰ এই বিশেষ পদক্ষেপক একেমুখে শলাগ লৈ আদৰণি জনাইছে ।

উল্লেখ্য যে ‘মাতৃ-পিতৃ বন্দনা’ আঁচনি হৈছে ৰাজ্যিক কৰ্মচাৰীসকলক বিশেষ ছুটী প্ৰদান কৰা হয় (Matri Pitri vandana by Assam Government) ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটত উল্লেখ কৰি কয় যে মাতৃ-পিতৃৰ সৈতে কিছু স্মৰণীয় সময় কটোৱাৰ অৰ্থে যোৱা বছৰৰ পৰা ৰাজ্যৰ মন্ত্ৰী-বিধায়ক, ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ‘মাতৃ-পিতৃ বন্দনা’ কাৰ্যসূচীৰ দিন এইবেলিও ধাৰ্য কৰা হৈছে (CM Tweet on Matri Pitri vandana Scheme) । কৰ্মচাৰীসকলে matripitrivandana.assam.gov.in শীৰ্ষক ৱেবছাইটৰ জৰিয়তে বিশেষ ছুটীৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনাব পাৰিব । ইয়াৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীসকলে একেলগে চাৰিটা দিনৰ ছুটী লাভ কৰিব ৷

এই দুটা দিনত চৰকাৰী কৰ্মচাৰীসকলে যাতে নিজৰ পিতৃ-মাতৃৰ লগতে শহুৰ-শাহুৰ সৈতে সময় কটাব পাৰে তাৰ বাবেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে 2022 বৰ্ষৰে পৰা শুভাৰম্ভ কৰিছিল মাতৃ-পিতৃ বন্দনা আঁচনিৰ । 2022 বৰ্ষত কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

লগতে পঢ়ক: Y20 Summit 2023: Y 20 সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত কাশ্মীৰ প্ৰসংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.