ETV Bharat / state

পুনৰ কিয় দীপৰ বিলক লক্ষ্য কৰি ডাম্পিং গ্ৰাউণ্ড ! - ডাম্পিং গ্ৰাউণ্ডে দীপৰ বিলক লাহে লাহে প্ৰদূষিত কৰিছি

চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ড বাতিল কৰাৰ পাছত দীপৰ বিলৰ পাৰক পুনৰ ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিছে প্ৰশাসনে ৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাক আওকাণ কৰি প্ৰশাসনে সংঘটিত কৰা কাৰ্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

why-the-dumping-ground-set-to-targeting-dipor-bil-again
পুনৰ কিয় দীপৰ বিলক লক্ষ্য কৰি ডাম্পিং গ্ৰাউণ্ড !
author img

By

Published : Aug 14, 2021, 9:51 PM IST

গুৱাহাটী, 14 আগষ্ট : গুৱাহাটী পৌৰ নিগমে দীপৰ বিলৰ পাৰক পুনৰ ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ড শুকুৰবাৰে বাতিল কৰাৰ পূৰ্বৰে পৰাই বিগত কিছু দিন ধৰি দীপৰ বিলৰ সমীপৰ পশ্চিম বৰাগাঁৱত মহানগৰীৰ আৱৰ্জনা পেলাই থকা হৈছে ৷ আনহাতে, মন্ত্ৰী অশোক সিংঘালে বৰাগাঁওতেই ডাম্পিং গ্ৰাউণ্ড কৰাৰ কথা সদৰি কৰিছে ৷ যাক লৈ বৰাগাঁও অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

এই সন্দৰ্ভত দীপৰ বিলৰ সংৰক্ষণৰ হকে জন্মলগ্নৰে পৰা কাম কৰি অহা ৰংমন ট্যুৰিজিম ছ'চাইটিৰ সম্পাদক কন্দৰ্প বড়োৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেঁও কয়, দীপৰ বিলখক বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটী পৌৰ নিগমক ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিবলৈ মে' মাহতে নিৰ্দেশ প্ৰদান কৰিছিল ৷ তাৰ পাছত জি এম চিয়ে চন্দ্ৰপুৰত প্ৰায় এমাহ ধৰি আৱৰ্জনা পেলাই যদিও তাত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত বাধ্য হৈ তাত পেলোৱা কার্য বন্ধ কৰিবলগীয়া হয় ৷

পুনৰ কিয় দীপৰ বিলক লক্ষ্য কৰি ডাম্পিং গ্ৰাউণ্ড !

উল্লেখ্য যে, এন জি টিৰ নিৰ্দেশত বন্ধ কৰি ৰখা ডাম্পিং গ্ৰাউণ্ডৰ পৰা মাত্ৰ ডেৰ কিলোমিটাৰ নিলগৰ পশ্চিম বৰাগাওঁৰ বেলৰতলৰ হাউছফেডৰ প্ৰায় 60 বিঘা মাটিত পুনৰ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছে ৷ পৰিৱেশৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰি অবৈধভাৱে দিনে নিশাই তাত আৱৰ্জনা পেলাই অহা হৈছে ৷

সেই আৱৰ্জনাসমূহ পোনে পোনে দীপৰ বিল সংযোগী বাহিনী নৈত পৰিছে আৰু দীপৰ বিলৰ পানী পূৰ্বতকৈ অধিক প্ৰদূষিত হৈ পৰিছে ৷ যি দীপৰ বিলক সংৰক্ষণৰ বাবে এন জি টিয়ে ডাম্পিং গ্ৰাউণ্ড বন্ধৰ নিৰ্দেশ দি তলা লগাই দিছিল সেই দীপৰ বিলক পুনৰ ধ্বংস কৰাৰ কাৰ্যত লিপ্ত হৈছে ৷ কিয়নো পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডে দীপৰ বিলক লাহে লাহে প্ৰদূষিত কৰিছিল ৷

Why the dumping ground set to targeting Deepor bill again!

কিন্তু এইবাৰ আৱৰ্জনা দীপৰ বিল সংযোগী বাহিনী নৈত পৰাৰ পাছত পোনে পোনে বিলৰ পানীক প্ৰদূষিত কৰিছে ৷ ইতিমধ্যে বিলৰ পানী দূষিত হৈ পৰাৰ পাছত আগৰ দৰে কাষৰীয়া ৰাণী বা গড়ভঙা বনাঞ্চলৰ পাহাৰৰ পৰা দীপৰলৈ খাদ্যৰ সন্ধানত বা জলকেলিৰ বাবে অহা বনৰীয়া হাতীৰ সংখ্যা কমি গৈছে ৷ সমান্তৰালভাৱে এসময়ত দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ বিচৰণভূমিৰ বাবে বিশ্ব বিখ্যাত দীপৰ বিললৈ অহা চৰাইৰ সংখ্যায়ো উদ্বেগজনক ভাৱে হ্ৰাস পাইছে ৷

ইফালে আজাৰা ছাত্ৰ সন্থায়ো জি এম চিক শীঘ্ৰে পশ্চিম বৰাগাঁওত অবৈধভাৱে আৱৰ্জনা পেলোৱা কার্য বন্ধ কৰিবলৈ দাবী জনাইছে ৷

উল্লেখ্য যে, 2006 চনত গুৱাহাটী পৌৰ নিগমে ঐতিহাসিক দীপৰ বিলৰ পাৰত পূৱ দিশত বৰাগাঁৱত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডৰ ফলত দীপৰ বিলৰ জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি কৰিছে ৷ যাৰ ফলত খৰালি মাহত প্ৰতি বছৰে বহু মাছৰ অপমৃত্যু ঘটি আহিছে ৷ দীপৰ বিলৰ পানী অত্যাধিক ৰূপত প্ৰদূষিত হোৱাৰ ফলতেই এই ঘটনা ঘটিবলৈ পাইছে ৷

Why the dumping ground set to targeting Dipor Bil again!

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশৰ পিছত পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ গেটত তলা উলমাই দিয়া হৈছিল ৷ কিন্তু এতিয়া পুনৰ গুৱাহাটী পৌৰ নিগমে পশ্চিম বৰগাঁৱৰ পৰা প্ৰায় এক-দুই কিলোমিটাৰ দূৰত্বত আকৌ জাৱৰ পেলোৱা আৰম্ভ কৰিছে ৷

যাৰ বাবে অনাগত দিনত আকৌ একেই পৰিৱেশে বিৰাজ কৰিব দীপৰ বিলত ৷ এতিয়া প্ৰশ্ন হয়, আগতে যি দীপৰ বিলৰ প্ৰদূষণৰ কাৰণে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে পশ্চিম বৰাগাওঁৰ আগৰ ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিছিল এতিয়া সেই পশ্চিম বৰাগাওঁতে কিছু আঁতৰত ডাম্পিং গ্ৰাউণ্ড কৰাতো কিমান গ্ৰহণ যোগ্য ৷

লগতে পঢ়কঃ মৰণোত্তৰভাৱে অসম আৰক্ষীৰ 6 গৰাকী শ্বহীদলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.