ETV Bharat / state

কোন হ’ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?

author img

By

Published : Jun 5, 2021, 1:20 PM IST

বিজেপি দলৰ এক শীৰ্ষ সূত্ৰৰ মতে, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ কুমাৰ শইকীয়া ৰাজ্যিক সভাপতি আসনৰ বাবে আগ্ৰহী । এই কথা তেওঁ জনাইছে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকো । গতিকে বিষয়টো দলৰ মজিয়াত আছে ।

who will be the next BJP state president?
কোন হ’ব অসম বিজেপিৰ পৰৱৰ্তী সভাপতি ?

গুৱাহাটী,৫ জুন: ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হ'ব সেই চৰ্চা অন্ত পৰাৰ এমাহেই হ'ল যদিও এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসন কোনে অলংকিত কৰিব তাকে লৈ চলিছে ব্যাপক চৰ্চা ।

ৰণজিৎ কুমাৰ দাসে এইবাৰ গুৰুত্বপূৰ্ণ বিভাগ লৈ মিত্রজোঁটৰ দ্বিতীয়খন মন্ত্রীসভাত অন্তৰ্ভুক্ত হোৱাৰ পিছত নতুন সভাপতিৰ প্ৰশ্ন উত্থাপিত হৈছে । যাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি কোন হ'ব, তাক লৈ বিশেষ চৰ্চা হৈছে । কাৰণ মন্ত্রীত্ব লাভৰ লগে লগে ৰণজিৎ কুমাৰ দাসে স্বাভাৱিকতে ৰাজ্যিক সভাপতিৰ পদ এৰিব লাগিব । তেনেস্থলত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ উত্তৰাধিকাৰী কোন হ'ব ? বিজেপিৰ ভিতৰচ'ৰাত এতিয়া এই প্ৰশ্নৰ চৰ্চা চলিছে ।

দলৰ এক শীৰ্ষ সূত্ৰৰ মতে, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ কুমাৰ শইকীয়া ৰাজ্যিক সভাপতি আসনৰ বাবে আগ্ৰহী । এই কথা তেওঁ জনাইছে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকো । গতিকে বিষয়টো দলৰ মজিয়াত আছে ।

কিন্তু শেহতীয়াকৈ দলৰ সভাপতিৰ প্ৰশ্নই সামৰি লৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম । সৰ্বানন্দ সোণোৱাল‌ক ৰাজ্য সভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰা হ'ব সেয়া খাটাং । কিন্তু তেওঁক কেন্দ্ৰীয় চৰকাৰত কোনো ভাল বিভাগৰ দায়িত্ব দিব পৰা যাব নে নাই সেই সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বও নিশ্চিত নহয় । কাৰণ মোডী মন্ত্ৰীসভাত আজিলৈ জ্যোতিৰাদিত্য সিন্ধিয়াকে সংস্থাপিত কৰিব পৰা হোৱা নাই । গতিকে সৰ্বানন্দ সোণোৱাল‌ক ৰাজ্যিক সভাপতি আসনৰ বিপৰীতে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা প্ৰকট ।

দলীয় সূত্ৰটোৰ মতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত দলৰ ভিতৰচ’ৰাত যিহেতু এক ধৰনৰ উলম্ব বিভাজন বিদ্যমান, সেয়ে সৰ্বানন্দ সোণোৱালৰ ওপৰত সভাপতিৰ ভাৰ দিয়াটো হ'ব পাৰে এক ৰাজনৈতিক সমাধান । আনহাতে, যদি সোণোৱালে এনে দায়িত্ব লোৱাৰ পৰা কৌশলেৰে আঁতৰি থাকে তেতিয়া হ’লে আন কেইবাজনো শীৰ্ষ নেতাই এই আসনৰ বাবে চেষ্টা চলাব আৰু দিলেও সেই কথা বিবেচনা কৰিব ।

স্বাভাৱিকতে তেনেক্ষেত্ৰত নাম আহিব প্ৰাক্তন সভাপতি তথা পাছফালৰ সাংসদ ৰাজেন গোঁহাইৰ নাম । দলত আহোম জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কমি অহাৰ বিপৰীতে ৰাজেন গোঁহাইৰ নাম হ'ব পাৰে অৰ্থপূৰ্ণ ৰাজনৈতিক সমাধান ।

আনহাতে, একাংশৰ মতে পৰৱৰ্তী সভাপতি নামনি অসমৰ এজন নেতা হোৱাৰ সম্ভাৱনাই অধিক । এইক্ষেত্রত চৰ্চিত হৈছে ৰঙিয়াৰ বিধায়ক তথা মন্ত্রী ভৱেশ কলিতা আৰু মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ কুমাৰ শইকীয়াৰ নাম । এই দুয়োজনৰ ভিতৰত এজন পৰৱৰ্তী ৰাজ্যিক সভাপতি হোৱাৰ সম্ভাৱনা আছে ।

ভৱেশ কলিতা সভাপতি হ'লে তেওঁ পুনৰ মন্ত্রীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা নাই । আনহাতে, সাংসদ দিলীপ কুমাৰ শইকীয়াই ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰিলে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ পদ এৰিব লগা হ'ব পাৰে । দলীয় সূত্রত প্ৰকাশ যে, দলে পুৰণি নেতাকে সভাপতিৰ দায়িত্ব দিব বিচাৰিছে ।

পূৰ্বতে উল্লেখ কৰা ধৰণে সাংসদ দিলীপ শইকীয়া সভাপতি হিচাপে নিযুক্ত হ'লে অসমৰ আন এজন সাংগঠনিক দক্ষতা থকা নেতা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদত নিযুক্ত হ'ব পাৰে । একেদৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰত মন্ত্ৰীত্বৰ পৰা বঞ্চিত হোৱা ৰঞ্জিত দত্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নামো বিবেচনাধীন হৈ আছে দলৰ মজিয়াত । এই দুয়োগৰাকী নেতাই দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ।

লগতে পঢ়ক- নলবাৰী সদৰ থানাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.