গুৱাহাটী , ১৬ মাৰ্চ : পূৰ্বৰ অসম আন্দোলনৰ শ্লোগান " বিদেশীক খেদ "ৰ পৰিবৰ্তে এইবাৰ নিৰ্বাচনৰ শ্লোগান ‘‘খেদ ঐ খেদ , বদনক খেদ হ'ব লাগে ’’। অৱশ্যে এই কথা আমাৰ নহয় , কামৰূপৰ বাইহাটা চাৰিআলিত নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ।
খিলঞ্জীয়াৰ বিৰুদ্ধে থকা সকলক বদন আখ্যা দিয়ে প্ৰবজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই । ইয়াৰোপৰি লাজ , মহানিলাজৰ পিচতহে অগপ আহে বুলিও উল্লেখ কৰে অধিবক্তাজনে । উল্লেখ্য যে, অধিবক্তা উপমন্যু হাজৰিকাই আগন্তুক লোক সভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি উল্লেখ কৰে ৷